৩০ ছেপ্টেম্বৰত অৱসৰঃ চাকৰিৰ কাৰ্যকাল বৃদ্ধি হ’বনে ৰাজীৱ প্ৰকাশ বৰুৱাৰ?

৩০ ছেপ্টেম্বৰত অৱসৰঃ চাকৰিৰ কাৰ্যকাল বৃদ্ধি হ’বনে ৰাজীৱ প্ৰকাশ বৰুৱাৰ?

ডিজিটেল ডেস্কঃ ৩০ ছেপ্টেম্বৰত  কাৰ্যকাল শেষ হ'ব তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ সঞ্চালক ৰাজীৱ প্ৰকাশ বৰুৱাৰ। বিশিষ্ট সাংবাদিক হৰেন্দ্ৰ নাথ বৰুৱাৰ পুত্ৰ ৰাজীৱ প্ৰকাশ বৰুৱাৰ চাকৰি কাৰ্যকাল বৃদ্ধি হ'ব বুলি ভবা হৈছিল যদিও, চাকৰিৰ বিধিগত কাৰণত সেয়া সম্ভৱ নোহোৱাৰ সম্ভাৱনাই অধিক।

চৰকাৰী চাকৰি বিধি অনুসৰি তেওঁৰ কাৰ্যকাল বৃদ্ধি সম্ভৱ নহয়। মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ আৰু সাংবাদিকসকলৰ মাজত সুসম্পৰ্ক থকা সূত্ৰে এইগৰাকী বিষয়াৰ কাৰ্যকাল বৃদ্ধি কৰা হ'ব বুলি চৰ্চা হৈছিল।

কিন্তু দিছপুৰৰ আমোলাসকলে এই দিশটো আঙুলিয়াই দিয়াত তেনে সম্ভাৱনা ক্ষীণ হৈ পৰিছে। অৱশ্যে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ সৈতে অতি ঘনিষ্ঠ ৰাজীৱ প্ৰকাশ বৰুৱাক এই বিভাগটোতেই ৰখাবলৈ আন এক চিন্তা-চৰ্চাও চলিছে।

সেই অনুসৰি অৱসৰ গ্ৰহণৰ পাছত ৰাজীৱ প্ৰকাশ বৰুৱাক এই বিভাগৰ মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হিচাপে দায়িত্ব দিয়াৰ সম্ভাৱনা আছে। অৱশ্যে সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in