শেহতীয়া খবৰ
চিচিবৰগাঁৱৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে দুজন নিহত...  •  কোভিডৰ সংক্ৰমণৰ বাবে সুক্ষ্ম নিয়ন্ত্ৰণ কেন্দ্ৰ ঘোষণা কৰা অঞ্চলত খাদ্য সামগ্ৰী বিতৰণ...  •  এচিয়াৰ দ্বিতীয় বৃহত্তম হাতীমূৰাস্থিত কলং উত্তোলিত জলসিঞ্চন আঁচনি এতিয়া ধোঁৱাচাঙত...  •  মাইক্ৰ'ফাইনেন্সৰ ঋণ মাফ সৰ্ম্পকত সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ তীব্ৰ প্ৰতিবাদ  •  অসমত পুনৰ ৩৪৬৩জন কোভিড পজিটিভ, ৪২জনে হেৰুৱাইছে প্ৰাণ...  •  মাধ্যমিক শিক্ষাৰ ঠিকাভিত্তিক শিক্ষকে লাভ কৰিব তিনি মাহৰ দৰমহা...  •  মোৰাঝাৰত বিধ্বংসী অগ্নিকাণ্ড! দহ লক্ষাধিক টকাৰ ক্ষয়-ক্ষতি  •  সান্ধ্য আইনত সান্ধ্য ভ্ৰমণ সুখৰ নহ’ল! গীতামন্দিৰলৈ হঠাৎ আহিল আৰক্ষী...  •  ডুমডুমাত চুৰি কৰিবলৈ গৈ গণপ্ৰহাৰত মৃত্যু যুৱকৰ...  •  বকোৰ মাৰুতী ফুডচ কোম্পানীৰ চাউল কেলেংকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ নিৰ্লিপ্তাত ক্ষোভ প্ৰকাশ সদৌ অসম ছাত্ৰ সন্থাৰ

৩০ ডিচেম্বৰৰ পৰা চানমাৰীত গুৱাহাটী গ্ৰন্থমেলা….

ডিজিটেল ডেস্ক : ৩০ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হ’ব অসম প্ৰকাশন পৰিষদৰ ৩৩ সংখ্যক গুৱাহাটী গ্ৰন্থ মেলা । ১০ জানুৱাৰীলৈকে অনুষ্ঠিত হ’ব লগা এই গ্ৰন্থমেলা অনুষ্ঠিত হ’ব চানমাৰি অভিযান্ত্ৰিক খেলপথাৰত । কোভিড ১৯ মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি সু পৰিকল্পিত ভাবে এই গ্ৰন্থ মেলা অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰিছে অসম প্ৰকাশন পৰিষদে ।

১৫ ডিচেম্বৰৰ পৰা চানমাৰি ফিল্ডত গ্ৰন্থমেলা মণ্ডৱ নিৰ্মান কৰা হ’ব । গ্ৰন্থ মেলাত অংশ ল’ব বিচৰা বিক্ৰেতা প্ৰকাশক সকলে ১ ডিচেম্বৰৰ পৰা সংগ্ৰহ কৰিব পাৰিব আবেদন পত্ৰ । অসম প্ৰকাশন পৰিষদৰ সচিব কমল কলিতাই এক প্ৰেছ বিজ্ঞপ্তি যোগে জানিব মতে ১০ ডিচেম্বৰৰ ভিতৰত প্ৰকাশক তথা বিক্ৰেতা সকলে প্ৰপত্ৰ পূৰন কৰি জমা দিব লাগিব । অসম প্ৰকাশন পৰিষদৰ ৱেৱচাইটত উপলব্ধ হ’ব এই প্ৰপত্ৰ ।

কোভিডৰ প্ৰতি লক্ষ্য ৰাখি গ্ৰন্থমেলাত অংশ গ্ৰহন কৰিব লগা প্ৰকাসক তথা বিক্ৰেতা সকলক বিপনী সমূহ আৱন্টনৰ ক্ষেত্ৰত বিশেষ ৰেহাইৰ ব্যৱস্থা কৰা হৈছে বুলিও সদৰি কৰিছে । অৱশ্যে এতিয়াও গ্ৰন্থমেলা অনুষ্ঠিত কৰিবলৈ বিবাগীয় অনুমতি লাভ কৰা নাই । এই সম্পৰ্কত অব্যাহত আছে যোগাযোগ ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি