আজৱ ! মালিকৰ সন্ধানত ৩ বছৰীয়া কুকুৰৰ ডিএনএ টেষ্ট…

আজৱ ! মালিকৰ সন্ধানত ৩ বছৰীয়া কুকুৰৰ ডিএনএ টেষ্ট…

ডিজিটেল ডেস্ক : কুকুৰৰ ডিএনএ পৰীক্ষা কৰাৰৰ সিদ্ধান্ত লৈছে আৰক্ষীয়ে । এই ঘটনা মধ্য প্ৰদেশৰ হাছাংগাবাদৰ । এটি পোহনীয়া কুকুৰকৈ লৈ দুই পৰিয়ালৰ মাজত সংঘাট । ঘটনাৰ তদন্ত বিচাৰি আৰক্ষীৰ ওচৰলৈ আহে পৰিয়াল দুটা । এই ঘটনাক কেন্দ্ৰ কৰি আৰক্ষীয়ে বিমোৰত পৰে । যিহেতু বহুদিন ধৰি কুকুৰটোৰ প্ৰকৃত মালিকক বিচাৰি পোৱা নাই । সেয়ে প্ৰকৃত মালিকক চিনাক্ত কৰিবলৈ আৰক্ষীয়ে কুকুৰটোৰ ডিএনএ টেষ্ট কৰাৰ সিদ্ধান্ত লয় ।

দৰাচলতে তিনি বছৰীয়া কুকুৰটোক বিতৰ্ক হয় দুয়োটা পৰিয়ালৰ মাজত । শাদৱ খান কয় যে তেওঁৰ কুকুৰটো ৩ মাহ আগতে হেৰাইছিল । যি কথা তেওঁ আৰক্ষীক আৱগত কৰিছিল । ১৮ নৱেম্বৰত মালাখেড়ীত এটি কুকুৰ থকাৰ খবৰ লাভ কৰাৰ লগে লগে শাদৱ খানে কৃতিক শিৱহাৰেৰ ঘৰত উপস্থিত হয় । কুকুৰটোক লৈ দুয়োৰে মাজত মতবিৰোধ হয় । এই বিতৰ্কৰ অৱসান ঘটাবলৈ আৰক্ষীক খবৰ দিয়ে পৰিয়াল দুটাই ।

শাদৱে পৰৱৰ্তী দিনত কিছুমান ছবি আৰু নথি-পত্ৰৰ সৈতে আৰক্ষীক অভিযোগ কৰে। দুয়োপক্ষৰ দাবীৰ পিছত, যেতিয়া আৰক্ষীয়ে কোনো সিদ্ধান্তত উপনীত হ'ব নোৱাৰিলে, ডিএনএ পৰীক্ষা কৰাৰ সিদ্ধান্ত লোৱা হয় আৰু তেজৰ নমুনা লোৱা হয় । হচাঙ্গাবাদ গ্ৰাম্য অঞ্চল থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হেমাণ্ট শ্ৰীবাস্তৱে কয় যে ডিএনএ প্ৰতিবেদন অহাৰ পিছত কুকুটোক সংশ্লিষ্ট মালিকক প্ৰদান কৰা হ'ব ।

এই ঘটনাক কেন্দ্ৰ কৰি হাস্যৰসৰো সৃষ্টি কৰিছে । কিয়নো কুকুৰৰ ডিএনএ টেষ্ট কৰিলে জানো প্ৰকৃত মালিকৰ ৰহস্য ওলাব । ইফালে আৰক্ষীৰ এনে সিদ্ধান্তৰ বহুজনে আজৱ আখ্যা দিছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in