মানাহৰ পৰা ওলাই অহা ৩ টাকৈ বনগৰুৰ সন্ত্ৰাসত বাক্সা-বৰপেটাৰ ভিন্ন অঞ্চলত আহত বনকৰ্মীসহ ৫জন

মানাহৰ পৰা ওলাই অহা ৩ টাকৈ বনগৰুৰ সন্ত্ৰাসত বাক্সা-বৰপেটাৰ ভিন্ন অঞ্চলত আহত বনকৰ্মীসহ ৫জন

ডিজিটেল সংবাদ, শালবাৰীঃ সোমবাৰে কাহিলি পুৱাৰে পৰা বাক্সাৰ শালবাৰীৰ সস্তৰ, বজালীৰ শুকিলাৰপাৰ আৰু বতিয়ামাৰীত ত্ৰাসৰ সৃষ্টি কৰিছে মানাহৰ পৰা ওলাই অহা তিনিটাকৈ বনগৰুৱে৷ ৰাতিপুৱা বতিয়ামাৰী গাঁৱৰ সমীপৰ চৰ্ণা পথাৰত প্ৰথমে তিনিওটা বনগৰু স্থানীয় লোকে প্ৰত্যক্ষ কৰে৷ ইয়াৰ পাছতে পথাৰৰ মাজৰ পৰাই তিনিওটা বনগৰু পৃথক হৈ এটা বাক্সাৰ সস্তৰ, এটা শুকিলাৰপাৰৰ বাঁহনিৰ মাজত আৰু এটা বজালীৰ বতিয়ামাৰী গাঁৱৰ আন এডৰা বাঁহনিৰ মাজত আশ্ৰয় লয়৷

উল্লেখ্য যে, শুকিলাৰপাৰত বাঁহনিৰ মাজত আশ্ৰয় লৈ থকা বনগৰুটোৱে স্থানীয় চাৰিজনকৈ লোক ক্ৰমে কালিচৰণ কলিতা(৫০), তৰণী দাস(৪৮), সনাতন কলিতা(৪০) আৰু ৰাজনাথ কলিতাক আক্ৰমণ কৰি আহত কৰে৷ স্থানীয় ৰাইজে ততাতৈয়াকৈ চাৰিওজনকে চিকিৎসালয়লৈ প্ৰেৰণ কৰে৷ ইয়াৰে তৰণী কলিতা আৰু কালিচৰণ কলিতাৰ অৱস্থা সংকটজনক হোৱাত বৰপেটা চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়৷

আনহাতে বাক্সাৰ সস্তৰত আশ্ৰয় লৈ থকা বনগৰুটোৱে বন বিভাগৰ লাচিত বসুমতাৰী নামৰ বনৰক্ষী এজনক আক্ৰমণ কৰি আহত কৰে৷ ঘটনাস্থলীত মানাহৰ ভূঞাপাৰা আৰু বাঁহবাৰী ৰেঞ্জৰ বনকৰ্মী, আৰক্ষী, এছএছবি আৰু চিআৰপিএফ বাহিনীৰ লোক উপস্থিত হৈ বনগৰু তিনিটা মানাহৰ ঘন জংঘললৈ খেদি নিয়াৰ চেষ্টা কৰিও বিফল হয়৷ অৱশ্যে শুকিলাপাৰত থকা বনগৰুটোক বন বিভাগে ৰাজহুৱা ঠাইত ট্ৰেংকুইলাইজ কৰিবলৈ সক্ষম হয়৷

উল্লেখ্য যে, বনগৰু চাবলৈ অহা অত্যুৎসাহী একাংশ লোকৰ হেতা-ওপৰাৰ বাবে বন বিভাগে ট্ৰেংকুলাইজ কৰিব পৰা নাই আন দুটা বনগৰুক৷ বাতৰি যুগুতোৱাৰ পৰলৈ বতিয়ামাৰীত থকা বনগৰুটো পহুমাৰা নদী পাৰ কৰি বন বিভাগৰ লোকে মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ খেদি নিবলৈ সক্ষম হয়৷ তাৰ বিপৰীতে বাক্সাৰ সস্তৰত থকা বনগৰুটো বুনমাজা গাঁৱৰ দিশলৈ ধাৱমান হয়৷ উল্লেখ্য যে, বনগৰু চাবলৈ অহা লোকৰ ওপৰত আজি আৰক্ষীয়ে মৃদু লাঠিচালনা পৰ্যন্ত কৰিব লগা হয়৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in