ছাগলী চুৰি কৰিবলৈ গৈ পিঠি বহল হ’ল এই ৩ চোৰৰ

ছাগলী চুৰি কৰিবলৈ গৈ পিঠি বহল হ’ল এই ৩ চোৰৰ

ডিজিটেল সংবাদ, কৃষ্ণাইঃ গোৱালপাৰা জিলাৰ মৰনৈ আৰক্ষী থানাৰ অন্তৰ্গত মৈজোঙাত শনিবাৰে ৩ ছাগলী চোৰক কৰায়ত্ত কৰি ৰাইজে উত্তম মাধ্যম দিয়াৰ ঘটনাক কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ জানিব পৰা মতে বিগত কেইবামাহ ধৰি ৰাস্তাৰ লগতে কেইবাটাও পৰিয়ালৰ ঘৰৰ পদুলীমুখত চৰি থকা ছাগলীবোৰ নোহোৱা হৈ হৈছিল। এনে ঘটনাত অতিষ্ঠ হৈ পৰিছিল মৈজোঙাবাসী৷

শনিবাৰে বিয়লি ওলাই পৰিল ছাগলী নোহোৱাৰ কাৰণ৷ এখন ইণ্ডিকা গাড়ীয়ে ৰাস্তাৰ পৰা ছাগলী লৈ যোৱা প্ৰত্যক্ষ কৰি ইণ্ডিকা গাড়ীসহ ৰাইজে কৰায়ত্ত কৰি উত্তম মাধ্যম সোধাই ৩ ছাগলী চোৰক। তাৰ পিছতে ৰাইজে গতালে আৰক্ষীক৷

আনদিনাৰ দৰে এছ-০২-ডি-৩৭৫৬ নম্বৰৰ ইণ্ডিকা গাড়ী লৈ আহিছিল ছাগলী চোৰৰ দলটো৷ ৰাইজে বাহনসহ ছহিদুল ইছলাম, কিতাপ আলী আৰু ইছমাইল হুছেইনক আৰক্ষীৰ হাতত গটাই দিয়ে৷ উল্লেখযোগ্য যে, বিগত কিছুদিনৰ পৰা অঞ্চলটোত সঘনে ছাগলী চুৰি হৈ আছিল৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in