পুলৱামাত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত নিহত ৩ সন্ত্ৰাসবাদী, শ্বহীদ এজন জোৱান

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে নিৰাপত্তাৰক্ষীৰ অভিযান।
  • বৃহস্পতিবাৰে পুৱা পুলৱামাৰ দালিপৰাত অভিযান চলায় আৰক্ষী-নিৰাপত্তাৰক্ষীয়ে।
  • অভিযানত প্ৰথমে দুজনকৈ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী নিহত কৰিবলৈ সক্ষম হয় অভিযানকাৰীয়ে।
  • প্ৰায় ৩ ঘন্টা ধৰি চলা নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ সংঘৰ্ষত পৰৱৰ্তী সময়ত পুনৰ নিহত হয় এজন সন্ত্ৰাসবাদী।
  • আনহাতে এই সংঘৰ্ষত শ্বহীদ হয় এজন আৰক্ষী জোৱানো।
  • উল্লেখ্য, অঞ্চলটোত এটা সন্ত্ৰাসবাদীৰ দল আত্মগোপন কৰি থকাৰ খবৰ লাভ কৰিছিল আৰক্ষীয়ে।
  • ইয়াৰ পিছতে অভিযান চলোৱা হয় অঞ্চলটোত।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in