জম্মু-কাশ্মীৰত সেনা-আৰক্ষীৰ অভিযান, নিহত ৩ সন্ত্ৰাসবাদী

জম্মু-কাশ্মীৰত সেনা-আৰক্ষীৰ অভিযান, নিহত ৩ সন্ত্ৰাসবাদী

ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰৰ পুলবামা জিলাত নিৰাপত্তীৰে সংঘৰ্ষত ৩ সন্ত্ৰাসবাদী নিহত হয়৷ শনিবাৰে পুৱা জিলাখানৰ খাৰপোৰা অঞ্চলত সন্ত্ৰাসবাদীৰ এটি দলে আত্মগোপন কৰি থকাৰ খবৰ লাভ কৰাৰ পিছতে চি আৰ পি এফ আৰু আৰক্ষী বাহিনীয়ে যুটীয়াভাৱে অভিযান চলায়৷

সন্ত্ৰাসবাদীয়ে আত্মগোপন কৰি থকা এলেকাটো সেনা আৰু আৰক্ষী বাহিনীয়ে বেঢ়ি লোৱাত সন্ত্ৰাসবাদী কেইজনে গুলিচালনা কৰে৷ ইয়াৰ প্ৰত্যুত্তৰ দি সেনা-আৰক্ষীয়েও গুলিচালনা কৰে যদিও এজন সেনা জোৱান সন্ত্ৰাসবাদীৰ গুলিত আহত হয়৷

এই সংঘৰ্ষত ৩জন সন্ত্ৰাসবাদীও নিহত হয়৷ নিহত সন্ত্ৰাসবাদী কেইজন হিজবুল মুজাহিদীনৰ সদস্য বুলি জানিব পৰা গৈছে৷ ইফালে সংঘৰ্ষক কেন্দ্ৰ কৰি অঞ্চলটোত সংশয়ৰ পৰিৱেশ সৃষ্টি হোৱাত নিৰাপত্তাৰ খাতিৰত অঞ্চলটোৰ ইন্টাৰনেট সেৱা বন্ধ কৰি ৰখা হৈছে৷ উল্লেখ্য যে, চলিত বৰ্ষত সেনা-আৰক্ষীয়ে অভিড়ান চলাই জম্মু-কাশ্মীৰত মুঠ ২৫০জন সন্ত্ৰাসবাদীৰ এনকাউন্টাৰ কৰিবলৈ সক্ষম হৈছে৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in