মহাৰাষ্ট্ৰত অট্টালিকা খহি ১০ জনৰ মৃত্যু,আবদ্ধ বহুজন….

মহাৰাষ্ট্ৰত অট্টালিকা খহি ১০ জনৰ মৃত্যু,আবদ্ধ বহুজন….

ডিজিটেল ডেস্ক : এক ভয়ংকৰ দূৰ্ঘটনা সংঘটিত হৈছে মহাৰাষ্ট্ৰৰ ভিবন্দি চহৰত । খহি পৰে এটি তিনি মহলীয়া অট্টালিকা। সোমবাৰে ৰাতিপুৱা প্ৰায় প্ৰায় ৩.৪০ বজাত সংঘটিত হয় এই দূৰ্ঘটনাটো । অট্ৰালিকাটোত কেইবাটাও পৰিয়াল শুই থকা অবস্থাত খহি যায় অট্টালিকাটো ।

জানিব পৰা মতে দূৰ্ঘটনাটোত বৰ্তমানলৈ ১০ জন লোক মৃত্যু মুখত পৰাৰ লগতে ২০-২৫ জন লোক আবদ্ধ হৈ আছে । এই অট্টালিকাটোত প্ৰায় ২০ টা পৰিয়ালে বসবাস কৰিছিল । ঘটনাস্থলীত এনডিআৰএফ বাহিনী উপস্থিত হৈ উদ্ধাৰ অভিযান চলাইছে । জিলানী নামৰ আছিল এই অট্টালিকাটো ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in