নুৰ মহম্মদৰ অপহৰণকাৰীক বিচাৰি মেঘালয়ত মানকাচৰ আৰক্ষীৰ অভিযান, ৩জনক গ্ৰেপ্তাৰ

নুৰ মহম্মদৰ অপহৰণকাৰীক বিচাৰি মেঘালয়ত মানকাচৰ আৰক্ষীৰ অভিযান, ৩জনক গ্ৰেপ্তাৰ

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ থানা এলেকাৰ পৰা এগৰাকী টেম্প' চালক অপহৰণ কাণ্ডৰ লগত জড়িত ৩ গাৰো অপহৰণকাৰীক দেওবাৰে মানকাচৰ আৰক্ষীয়ে মেঘালয়ৰ আৰক্ষীৰ সহযোগত মেঘালয়ৰ পৰা গ্ৰেপ্তাৰ কৰে।

উল্লেখযোগ্য যে, যোৱা ১২ অক্টোবৰত অসম-মেঘালয় সীমান্তৱৰ্তী মানকাচৰ থানা এলেকাৰ ৰাঙাপানী গাঁৱৰ প্ৰয়াত হবিবৰ ৰহমানৰ পুত্ৰ নুৰ মহম্মদ (২৫)ক পাঁচজনীয়া গাৰো অপহৰণকাৰীৰ দল এটাই অপহৰণ কৰি নিয়ে। মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাৰ গাৰো বাধা অঞ্চলৰ পৰা এমএল-০৮-১৪৬৫ নম্বৰৰ টেম্প'খন ভাড়া কৰি দক্ষিণ পশ্চিম গাৰো পাহাৰ জিলাৰ বেটাসিং এলেকাত যোৱাৰ পাছত পাঁচজনীয়া অপহৰণকাৰীৰ দলটোৱে নুৰ মহম্মদক অপহৰণ কৰি টেম্প'খন ৰাস্তাৰ ওপৰত এৰি থৈ যায়।

ইফালে অপহৰণকাৰীৰ দলটোৱে অপহৃত চালকৰ পৰিয়ালক ফোন কৰি চালক জনৰ মুক্তিৰ বিনিময়ত ৫ লাখ টকা দাবী কৰে। ইয়াৰ পাছত পৰিয়ালৰ লোকে মানকাচৰ আৰক্ষীক ১৩ অক্টোবৰত অপহৰণ সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰে। ইয়াৰ পিছতে আৰক্ষীয়ে মেঘালয় আৰক্ষীৰ সহযোগত যৌথভাৱে অপহৰণকাৰীৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে। ইফালে অপহৰণকাৰীক ১৪ অক্টোবৰত অপহৃত চালকজনৰ পৰিয়ালে অপহৰণকাৰীক ১.৫ লাখ টকা মুক্তিপন দিয়াত চালক জনক মুকলি কৰি দিয়ে।

আনহাতে অপহৰণকাৰীৰ কৱলৰ পৰা অপহৃত চালকজনক মুকলি কৰি দিলেও আৰক্ষীয়ে অপহৰণকাৰীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখি দেওবাৰে পুৱাৰ ভাগত মেঘালয়ৰ দক্ষিণ পশ্চিম গাৰো পাহাৰ জিলাৰ আমপাতী থানা এলেকাৰ সোনামতি গাঁৱৰ পৰা তিনি অপহৰণকাৰীক কৰায়ত্ব কৰে। মেঘালয় আৰক্ষীৰ সহযোগত যৌথ অভিযান চলাই গাঁওখনৰ ৰানাং মাৰাকৰ পুত্ৰ ছলমান চাংমা (২২), তানজিং আৰ ছাংমাৰ পুত্ৰ টানাং আৰ মাৰাক (২০) আৰু ৰম্পু চি এইচ মাৰাকৰ পুত্ৰ ছেনজিং চাংমা (৩৫)ক কৰায়ত্ব কৰি মানকাচৰ থানালৈ লৈ আনে। তিনিওজনক মৰাথন জেৰাৰ পাছত অপহৰণৰ বিষয়ে গাৰো অপহৰণকাৰীৰ দলটোৱে আৰক্ষীৰ ওচৰত স্বীকাৰ কৰে। আৰক্ষীয়ে তিনিওজনক গ্ৰেপ্তাৰ কৰি আদালতলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা লোৱা বুলি জনা গৈছে।

ধৃত তিনিও অপহৰণকাৰী সংবাদ মাধ্যমৰ আগত উক্ত অপহৰণকাণ্ডৰ ঘটনাটো স্বীকাৰ কৰি মন্তব্য কৰে যে তেওঁলোকৰ আন দুই সহযোগীয়ে এই তিনিওজনক এই অপহৰণকাণ্ডৰ লগত জড়িত কৰাইছে। তেওঁলোক কোনো উগ্ৰপন্থী সংগঠনৰ লগত জড়িত নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত কয় যে এয়াই প্ৰথম অপহৰণকাণ্ডৰ লগত জড়িত হৈছিল তেওঁলোক। তেওলোক এই অপহৰণকাণ্ডৰ পাছত একো একো জনে ৬ হেজাৰকৈ টকা লাভ কৰাৰ লগতে বাকী টকা খিনি অপহৰণকাণ্ডৰ মাষ্টাৰ মাইণ্ড দুজনে লৈছে। আৰক্ষীয়ে এই অপহৰণকাণ্ডৰ মুল খলনায়ক দুজনক কৰায়ত্ব কৰাৰ ক্ষেত্ৰত কিমান সফল হব সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হব।

স্মৰ্তব্য যে, চুবুৰীয়া ৰাজ্য মেঘালয়ৰ গাৰো পাহাৰ জিলাত অসমৰ ব্যৱসায়ীকে ধৰি অনা গাৰো লোকক এটা চক্ৰই অপহৰণ কৰি লাখ লাখ টকা সংগ্ৰহ কৰি আহিছে। কনৰাড চাংমা নেতৃত্বাধীন এন পি পি চৰকাৰ হোৱাৰ পাছত এনে অপহৰণকাণ্ড হ্ৰাস পাইছে যদিও এতিয়াও ভিতৰি ভিতৰি এনে অপহৰণকাণ্ড চলি থকাৰ ফলত মেঘালয়ত অসমৰ ব্যৱসায়ী সকল প্ৰৱেশ কৰাৰ ক্ষেত্ৰত আতংকিত হোৱা পৰিলক্ষিত হৈছে। এই ক্ষেত্ৰত মেঘালয় চৰকাৰ অসমৰ ব্যৱসায়ী সকলক মেঘালয়ত ব্যৱাসাৰ ক্ষেত্ৰত কেনেদৰে নিৰাপত্তা দিব সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হব।

অপহৰণকাৰীৰ ফটো উঠাবলৈ যোৱা নিৰীহ যুৱকক ৰহস্যজনকভাৱে আৰক্ষীৰ আটক

ইফালে, মানকাচৰ আৰক্ষীয়ে উক্ত ৩ গাৰো অপহৰণকাৰীক গ্ৰেপ্তাৰ কৰি স্বাস্থ্য পৰীক্ষাৰ বাবে মানকাচৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰলৈ নিয়াৰ পাছত হাবিবুল আলম নামৰ এজন যুৱকে মোবাইলত ফটো উঠোৱাক লৈ মানকাচৰ আৰক্ষীয়ে নিৰিহ যুৱকজনক ৰহস্যজনক ভাবে আটক কৰে।

ফটো উঠাবলৈ গৈ আৰক্ষীৰ হাতত আটক যুৱক

উল্লেখযোগ্য যে, মানকাচৰ পুৱেৰ গাওঁ গাঁৱৰ হাৰুন ছায়েদ আহমেদৰ পুত্ৰ হাবিবুল আলম (৩০) নামৰ ব্যক্তিগত লেবৰেটৰীৰ কৰ্মীজনক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক আমিনুল ইছলাম খন্দকাৰে মোবাইলত ফটো তুলিবলৈ কয়। চিকিৎসকৰ নিৰ্দেশমৰ্মে লেবৰেটৰীৰ কৰ্মীজনে ফটো উঠাবলৈ ধৰাত আৰক্ষীয়ে তেওঁক কৰায়ত্ব কৰে। সম্প্ৰতি মানকাচৰ আৰক্ষীয়ে যুৱকজনক থানাত ৰহস্যজনকভাৱে আটক কৰি ৰাখিছে।

হাবিবুল আলম নামৰ ফটো উঠাই আটক হোৱা যুৱকজনে ছ'চিয়েল মিডিয়াত আৰক্ষীৰ বিৰুদ্ধে ভূৱা প্ৰচাৰ চলাই অহা বুলি মানকাচৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া বিনোদ কুমাৰ দাসে সাংবাদিকক জানিবলৈ দিয়ে। ইফালে যুৱকজনক মানকাচৰ আৰক্ষীয়ে আটক কৰাৰ পাছত সচেতন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। নিৰীহ যুৱকজনক মুকলি কৰি দিয়াৰ দাবী তুলিছে একাংশ ৰাইজে। আৰক্ষীয়ে ছ'চিয়েল মিডিয়াৰ বিৰুদ্ধে ক্ষোভ উজাৰিব গৈ নিৰীহ যুৱকক আটক কৰি বিভিন্ন গোচৰত জড়িত কৰাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in