গুৱাহাটীত হাস্পতালৰ আই চি ইউৰ ভিতৰত অনাধিকাৰ প্ৰৱেশৰ অপৰাধত আটক হ’ল ৩ সাংবাদিক

গুৱাহাটীত হাস্পতালৰ আই চি ইউৰ ভিতৰত অনাধিকাৰ প্ৰৱেশৰ অপৰাধত আটক হ’ল ৩ সাংবাদিক

ডিজিটেল সংবাদ, গুৱাহাটীঃ গুৱাহাটী মহানগৰীৰ এখন ব্যক্তিগত খণ্ডৰ হাস্পতালৰ আই চি ইউৰ ভিতৰত অনাধিকাৰ প্ৰৱেশ কৰাত মঙলবাৰে আৰক্ষীয়ে তিনি ৱেব পৰ্টেলৰ সাংবাদিকক আটক কৰে। এই আটকাধীন সাংবাদিক কেইগৰাকী মিন্টু শৰ্মা, বিনয় কলিতা আৰু আশ্বিফ ইকবাল হুছেইন বুলি বশিষ্ঠ আৰক্ষীয়ে প্ৰকাশ কৰিছে।

আৰক্ষী সূত্ৰটোৱে জনোৱা অনুসৰি এটা ৱেব পৰ্টেলৰ এই তিনি সাংবাদিকে মহানগৰীৰ লখৰাৰ ক্ৰিটিকেল কেয়াৰ হাস্পতালত প্ৰৱেশ কৰি আই চি ইউৰ ভিতৰত কেমেৰা নিষিদ্ধ অৱস্থাত দৃশ্য সংগ্ৰহ কৰাৰ লগতে হাস্পতালৰ কৰ্মচাৰীক ভাবুকি দিয়ে। ইয়াৰ পিছতে হাস্পতাল কৰ্তৃপক্ষই সাংবাদিক কেইগৰাকীৰ ওপৰত ঘটনা সন্দৰ্ভত বশিষ্ঠ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে।

বশিষ্ঠ আৰক্ষীয়ে হাস্পতাল কৰ্তৃপক্ষই দিয়া অভিযোগৰ ভিত্তিত ভাৰতীয় দণ্ডবিধিৰ ১৩৭৫/১৯ নম্বৰত এটা গোচৰ ৰুজু কৰি ৱেব পৰ্টেলটোৰ সাংবাদিক মিন্টু শৰ্মা আৰু আশ্বিফ ইকবাল হুছেইনক আটক কৰে। অৱশ্যে আন এগৰাকী সাংবাদিক বিনয় কলিতা পলাতক হৈ আছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in