ঢকুৱাখনাৰ ৩ ড্ৰাগছ সৰবৰাহকাৰীক কাৰাগাৰলৈ নিক্ষেপ…

ঢকুৱাখনাৰ ৩ ড্ৰাগছ সৰবৰাহকাৰীক কাৰাগাৰলৈ নিক্ষেপ…

ডিজিটেল সংবাদ ঢকুৱাখনা: সহজলভ্য মুনাফা অৰ্জনৰ লোভত পৰি ঢকুৱাখনাৰ নৱ প্ৰজন্মক পনবন্দী কৰি মাৰাত্মক বৰবিহ স্বৰূপ  নিষিদ্ধ ড্ৰাগছৰ গোপন বেহা চলোৱা অৰ্থলোভী তিনি সমাজ বিৰোধী ব্যক্তিক শুকুৰবাৰে জিলা কাৰাগাৰলৈ নিক্ষেপ কৰিলে ঢকুৱাখনা আৰক্ষীয়ে । ঢকুৱাখনা নগৰৰ মাজ মজিয়াত অৱস্থিত "বৰুৱা মাৰ্কেট"ত "সমীৰ ফেচন" নামৰ এখন জোতাৰ দোকান দি উক্ত দোকানৰ পৰাই গোপনে এই নিষিদ্ধ বেহা দীৰ্ঘদিন ধৰি চলাই অহাৰ অভিযোগত সদৰ থানাৰ আৰক্ষীয়ে  বৃহস্পতি বাৰে "সমীৰ ফেচন"ৰ স্বত্বাধিকাৰী  ,নগৰখনৰ মানিকপুৰ গাঁৱৰ সমীৰ আলি(৩৬) ,হৰচিক আলি(২৬) আৰু মিগম দলে(২২)ক গ্ৰেপ্তাৰ কৰিছিল অভিযান চলাই।

সদৰ থানাৰ কনিষ্টবল বীৰেন চাংমাইয়ে এই নিষিদ্ধ বেহা সন্দৰ্ভত নিশ্চিত খবৰ লাভ কৰি নিজস্ব ভাবে তীক্ষ্ণ নজৰ ৰাখি নিয়োগ কৰিছিল বিশেষ "উৎস" । এল. চি. চাংমাইৰ সেই "উৎস"ৰ নিখুঁত খবৰৰ ভিত্তিতে বৃহস্পতিবাৰে  অচি  মণ্টুৰাম বৰাৰ নেতৃত্বত কনিষ্টবল চাংমাইৰ সহযোগত চলিছিল ড্ৰাগছ বিৰোধী অভিযান। সেই অভিযান কালতে আৰক্ষীয়ে দোকানৰ  খালি জোতাৰ বাকছৰ পৰা  ০'০৮৪ মিলি ওজনৰ প্ৰায় ৫০ হাজাৰৰো অধিক মূল্যৰ  হেৰ'ইন খিনি ৪ টা কনতেইনাৰ আৰু এটা চাদা ৰখা টেমাৰ পৰা  উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল আৰক্ষী ।

ঢকুৱাখনা নগৰত প্ৰথমবাৰৰ বাবে এই নিষিদ্ধ বেহা এগৰাকী আৰক্ষী কনিষ্টবলৰ তৎপৰতাত পোহৰলৈ অহাৰ পাছত আৰক্ষী গৰাকী উচ্চ প্ৰসংসিত হোৱাৰ সমান্তৰালভাৱে ব্যাপক প্ৰতিক্ৰিয়াৰ সূত্ৰপাত হৈছে। সন্ত্ৰস্ত হৈ পৰিছে অবিভাৱক ৰাইজ। ঢকুৱাখনাৰ ৰাইজ সংগঠন সমূহে এই নিষিদ্ধ বেপাৰ চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা ধুৰন্ধৰ ব্যক্তিসকলক দৃষ্টান্ত মূলক শাস্তি বিহাৰ দাবী উত্থাপন কৰাৰ সময়তে শুকুৰবাৰে আৰক্ষীয়ে  ধৃত তিনি ব্যক্তিৰ স্বাস্থ্য পৰীক্ষা কৰি  ঢকুৱাখনা মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰাই ।

সদৰ থানাত পঞ্জীভূত গোচৰ ( নং-  ১৯/২০২২)ৰ এন টি পি এছ আইন ১৯৮৮ ৰ  ধাৰা নং -২১(এ)  অনুসৰি  আদালতে ধৃত ব্যক্তি কেইজনক লখিমপুৰ জিলা কাৰাগাৰলৈ নিক্ষেপ কৰে । স্মতব্য যে এই সন্দৰ্ভত সঠিক তদন্ত হলে বহু সংখ্যক এই নিষিদ্ধ ড্ৰাগছৰ সৰবৰাহকাৰী আৰু ক্রেতা ৰঙা ঘৰৰ আলহী হোৱাটো নিশ্চিত । প্ৰনিধান যোগ্য যে "অসমীয়া প্ৰতিদিন ডিজিটেল"ৰ ২০২১ চনৰ ২৯ এপ্ৰিলৰ সংখ্যাত ঢকুৱাখনাত অবৈধ ড্ৰাগছৰ গোপন বেহা সন্দৰ্ভত এক অনুসন্ধান মূলক,তথ্য সমৃদ্ধ বাতৰি প্ৰকাশ হৈছিল।  কিন্তু সংশ্লিষ্ট পক্ষই এই গোপন অবৈধ বেহা সন্দৰ্ভত গ্ৰহণ কৰি আহিছিল অন্ধ মুনিৰ ভূমিকা ।  শেহতীয়া ভাবে ঢকুৱাখনাত নিষিদ্ধ ড্ৰাগছৰ বেহা উৎখাত হোৱাটোৱে "প্ৰতিদিন"ৰ উক্ত বাতৰিৰ সত্যতাকে জন দৃষ্টিত প্ৰতিপন্ন কৰিলে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in