উৰিয়ামঘাটত সন্দেহজনক ৩ গাড়ীচোৰ আটক

উৰিয়ামঘাটত সন্দেহজনক ৩ গাড়ীচোৰ আটক

ডিজিটেল সংবাদ, উৰিয়ামঘাটঃ ধনশিৰি মহকুমাৰ অসম-নগালেণ্ড সীমান্তৰ উৰিয়ামঘাটত তিনি সন্দেহজনক গাড়ী চোৰ আটক। আটক কৰা লোক কেইজন ক্ৰমে বৰপেটা জিলাৰ ৰাধাকুচি গাৱৰ মঃ আব্দুল ৰহিম (৩৪) পিতাঃ আব্দুল কালাম, মঃ ৰফিকুল আলি(৪৯), পিতাঃ মনচুৰ আলি আৰু মঃ আচাক মিঞা (৪৫), পিতাঃ আচান মিঞা বুলি জানিব পৰা গৈছে। ঘটনাৰ বিৱৰণীৰ মতে উৰিয়ামঘাট বিদ্যাপুৰৰ নিবাসী ইমামুল হকক ফোন কৰি হাজোলৈ তেওঁৰ বলেৰ' গাড়ীখন ভাড়ালৈ যাব নেকি সুধি নিজকে মধুপুৰৰ মজিবুৰ বুলি চিনাকী দিয়ে।

ইয়াৰ পাছত ৮ আগষ্ট তাৰিখে পুনৰ জনৈক মজিবুৰ নামৰ ব্যক্তিজনে ফোন কৰি বলেৰ'খনৰ গৰাকী ইমামুলক বলেৰ'খন লৈ মধুপুৰলৈ যাবলৈ কয়। সেইমতে ইমামুলে গাড়ীলৈ মধুপুৰলৈ গৈ থকা অৱস্থাত গাৱৰ মাজতে তিনিজন অচিনাকি ব্যক্তিয়ে গাড়ীখন ৰখায়। ইয়াৰ মাজতে ফোন কৰা লোকজন আৰু আন দুজন অচিনাকি ব্যক্তিও গাড়ীত উঠে আৰু বিদ্যাপুৰ ফালে যায়। গাড়ী চলাই যাওঁতে লোককেইজনৰ কথা বতৰাত সন্দেহ হোৱাত ইমামুলে বিদ্যাপুৰতে লোককেইজনক নমাই হাজোলৈ ভাড়া নাযাও বুলি কয়।

পুনৰ অলপ পিছত ইমামুলে গাড়ীৰ পৰা নমাই দিয়া লোককেইজন ক'ত আছে ফোন কৰি সোধাত উৰিয়ামঘাটত থকা বুলি লোককেইজনে কোৱাত তৎক্ষণাত ইমামুলে লোক কেইজনক অনুসৰণ কৰি স্হানীয় চেতনাপুৰত গাৱত লগ পায় আৰু গাড়ীত উঠাই বিদ্যাপুৰলৈ লৈ যায়। তাতে স্থানীয় ৰাইজ, গাওঁৰক্ষী বাহিনী, আমছু আদিয়ে লোক কেইজনক সন্দেহবশত বেগ খুলি চোৱাত ইমামুলৰ বলেৰ'খনৰ ছাবি, পঞ্জীয়ন প্ৰমানপত্ৰৰ এটা প্ৰতিলিপি, এখন সন্দেহজনক আপাচি বাইকৰ পঞ্জীয়ন পত্ৰ, কেইদালমান বেল্ট, গামোচা আদি পায়। লগে লগে সন্দেহ ঘনীভূত হোৱাত ৰাইজে লোককেইজনক উৰিয়ামঘাট থানাত চমজাই দিয়ে।

উল্লেখ্য যে, মহকুমাটোৰ বিভিন্ন অঞ্চলৰ পৰা সঘনাই গাড়ী চোৰৰ ঘটনা বহু দিনৰ পৰা সংঘটিত হৈ আহিছে। ইতিমধ্যে উৰিয়ামঘাট আৰক্ষীয়ে উক্ত লোক কেইজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৮৬/১৯/ইয়ু এছ /১২০(বি)৩৭৯/৫১১/৪১১/৪৬৮/৩৪ ধাৰাত এটি গোচৰ পঞ্জীয়ন কৰিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in