কোকৰাঝাৰত পৃথক অঘটনত নিহত ৪, এজন সন্ধানহীন

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ ছালাকাটি আৰক্ষী চকীৰ অন্তৰ্গত আশ্ৰমপাৰা গাঁৱৰ এগৰাকী যুৱক পশ্চিমবংগৰ জলপাইগুৰি জিলাৰ জলপেশত গৈ ৰহস্যজনকভাৱে সন্ধানহীন হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ সন্ধানহীন যুৱকজন হৈছে ছালাকাটি আৰক্ষী চকীৰ অন্তৰ্গত আশ্ৰমপাৰা গাঁৱৰ প্ৰয়াত সষ্টী দেৱনাথৰ পুত্ৰ দীপক দেৱনাথ(৩০)।

জানিব পৰা মতে, দীপকে সমনীয়া বন্ধুৰ সৈতে যোৱা ৩১ জুলাইত 'বলবম' লৈ বুলি পশ্চিমবংগৰ জলপাইগুৰিৰ জলপেশলৈ গৈছিল৷ সমনীয়াসকলে 'বলবম' সামৰি নিজ নিজ গৃহলৈ উভতি আহিল যদিও আজপৰ্যন্ত দীপকৰ কোনো শুংসূত্ৰ নোলোৱাত পৰিয়ালৰ লোকসকল উদ্বিগ্ন হৈ পৰিছে৷ ঘটনা সন্দৰ্ভত ইতিমধ্যে পৰিয়ালবৰ্গই ছালাকাটি আৰক্ষী চকীত এখন এজাহাৰো দাখিল কৰিছে।

অনহাতে চহৰখনত আজি পুৱাৰ ভাগত সংঘটিত হয় আন দুটা অঘটন। প্ৰাপ্ত বাতৰি মতে, পুৱা প্ৰায় ৫মান বজাত ছালাকাটি বামুনী গাঁৱৰ সমীপত এজন লোকে উজনিমুৱা ইন্টাৰছিটি এক্সপ্ৰেছৰ আগত জপিয়াই আত্মহত্যা কৰে। লোকজনক গুৱাহাটীৰ মাধৱদেৱ পথ নিৱাসী ইউএলচি নামৰ ব্যক্তিগত কোম্পানীৰ সুৰক্ষা বিষয়া অভিজিৎ চক্ৰৱৰ্তী(৩৬)বুলি ৰেল আৰক্ষীয়ে জানিবলৈ দিছে।

আনটো অঘটন সংঘটিত হয় চহৰখনৰ পাথৰঘাটত।পুৱাৰ ভাগত উক্ত স্থানত সংঘটিত এক পথ দুৰ্ঘটনাত কমল ৰামকৃষ্ণ দাস(৫৯)নামৰ এজন লোক আৰু গোসাইগাওঁৰ জয়নগৰৰ নিবাসী সন্ধা বিন (১৯) নামৰ যুৱতী এগৰাকী নিহত হয়। ইফালে, চহৰখনৰ সমীপৱৰ্তী চালতাতলাত বিদ্যুৎপৃষ্ট হৈ কৰুণ মৃত্যক সাবটি লয় অঞ্চলটোৰ নয়ন তাৰা সাহা নামৰ এগৰাকী ৫৯বৰ্ষীয়া বৃদ্ধাই।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in