জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত জোৱানৰ সংখ্যা ৩ জনলৈ বৃদ্ধি

জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত জোৱানৰ সংখ্যা ৩ জনলৈ বৃদ্ধি

ডিজিটেল ডেস্কঃ অনন্তনাগত সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত হোৱা সংঘৰ্ষত নিহত চি আৰ পি এফৰ জোৱানৰ সংখ্যা ৩ জনলৈ বৃদ্ধি পাইছে। এই সংঘৰ্ষত আহত ৩ জোৱানৰ ভিতৰত আন এজন জোৱানৰ ইতিমধ্যে মৃত্যু হৈছে। উল্লেখ্য যে, জম্মু-কাশ্মীৰৰ অনন্তনাগৰ কেপি ৰোডত সন্ত্ৰাসবাদীয়ে প্ৰথমে এটা আৰক্ষীৰ দলক আক্ৰমণ কৰে।

তাৰ পাছতেই আৰক্ষী আৰু নিৰাপত্তাৰক্ষীৰ সৈতে সন্ত্ৰাসবাদীৰ সংঘৰ্ষৰ সূত্ৰপাত হয়। এতিয়াও দুই পক্ষৰ মাজত গুলিয়াগুলী চলি আছে। এই সংঘৰ্ষত ৩ জন চি আৰ পি এফৰ জোৱান নিহত আৰু দুজন আহত হৈছে। আনহাতে অনন্তনাগৰ ষ্টেচন হাউচ অফিচাৰ গৰাকীও গুৰুতৰভাৱে সন্ত্ৰাসবাদীৰ গুলীত আহত হোৱাৰ লগতে নিৰাপত্তাৰক্ষীৰ গুলিত নিহত হৈছে এজন সন্ত্ৰাসবাদী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in