মন্ত্ৰী তপন গগৈৰ ঘনিষ্ঠ বিজেপি নেতাসহ মৰিয়নীৰ তিনি কয়লা মাফিয়াক ৰঙা ঘৰলৈ প্ৰক্ষেপ

মন্ত্ৰী তপন গগৈৰ ঘনিষ্ঠ বিজেপি নেতাসহ মৰিয়নীৰ তিনি কয়লা মাফিয়াক ৰঙা ঘৰলৈ প্ৰক্ষেপ

ডিজিটেল সংবাদ, মৰিয়নীঃ মৰিয়নীত একাংশ কয়লা মাফিয়াই কৰ ফাকিৰে বিভিন্ন পক্ষক মেনেজ কৰি অবাধ হাৰত চোৰাং কয়লাৰ সৰবৰাহ অব্যাহত ৰখাৰ সময়তে শুকুৰবাৰে তিনিজনকৈ কুখ্যাত কয়লা মাফিয়াক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি ৰঙাঘৰলৈ প্ৰেৰণ কৰে। উল্লেখ্য যে, বুধবাৰৰ পৰা ধাৰাবাহিকভাৱে সংবাদ মাধ্যমত প্ৰকাশ হোৱা বাতৰিৰ পিছত শাসকীয় দলৰ একাংশ নেতা পালিনেতাৰ পৃষ্ঠপোষকতাত মৰিয়নীত চোৰাং কয়লাৰ সৰবৰাহৰ সন্দৰ্ভত এক বিস্তৃত খবৰ ৰাজ্যৰ প্ৰায় কেইখন কাকতত প্ৰকাশ হৈছিল। ইয়াৰ পিচতে শুকুৰবাৰে তিতাবৰ মহকুমা আৰক্ষী বিষয়া শুভ্ৰজ্যোতি বৰুৱাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অবৈধ কয়লাৰ  সৰবৰাহ, মজুত আৰু উচ্চতম ন্যায়লৰ নিৰ্দেশ অৱমাননা কৰাৰ অভিযোগত মৰিয়নী আৰক্ষী থানাত ৰুজু হোৱা গোচৰৰ ভিত্তিত কয়লা মাফিয়া বাবুল বাৰাথা, টেক বাহাদুৰ ছেট্ৰী আৰু মিন্টু শইকীয়া(লাটু)ক গ্ৰেপ্তাৰ কৰে।

উল্লেখ্য যে, মৰিয়নী শিবপুৰত টেগবাহাদুৰ ছেত্ৰী আৰু বাবুল বাৰাথা নামৰ দুই বহিৰাগত কুখ্যাত কয়লা মাফিয়াই ডিপু স্থাপন কৰি দীৰ্ঘদিন ধৰি কোটি কোটি টকাৰ চোৰাং কয়লা মজুত কৰি বিভিন্ন প্ৰান্তলৈ সৰবৰাহ কৰি আহিছিল। এই দুই কয়লা মাফিয়াৰ বিৰুদ্ধে কৰ ফাকিৰে চোৰাং কয়লা মজুতকৰন কৰি সৰবৰাহ কৰি অহাৰ দীৰ্ঘদিন ধৰি অভিযোগ উত্থাপন হৈ আহিছিল যদিও মেনেজ মাষ্টৰৰূপে পৰিচিত দুই কয়লা সম্ৰাটৰ বিৰুদ্ধে আৰক্ষী, আবকাৰী, শুল্ক বিভাগ কিম্বা পৰিবহন বিভাগে কোনো পদক্ষেপ গ্ৰহন কৰা নাছিল।

শেহতীয়াভাবে আৰক্ষীৰ এক শীৰ্ষ সূত্ৰই জনোৱা মতে পূব মণ্ডলৰ আৰক্ষী উপ মহাপৰিদৰ্শক শিৱপ্ৰসাদ গাঞ্জাৱালাই মৰিয়নীত চলি অহা চোৰাং কয়লাৰ বিৰুদ্ধে কঠোৰ হোৱাৰ নিৰ্দেশ দিয়াত এতিয়া চোৰাং কয়লাৰ সৰবৰাহৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে। ইফালে কয়লা মাফিয়াৰ বিৰুদ্ধে শীৰ্ষ আৰক্ষীয়ে অভিযান চলাবলৈ নিৰ্দেশ জাৰি কৰাৰ পিছতে মৰিয়নীৰ সীমান্তৰ নাগালেণ্ডৰ চুটাফলা গেটৰ সমীপত যোৱা নিশাৰে পৰা চোৰাং কয়লাভৰ্ত্তি ১৮খনকৈ ট্ৰাক অসমত প্ৰবেশৰ অপেক্ষাত থকা বুলি জানিব পৰা গৈছে।

শেহতীয়াকৈ আৰক্ষীৰ অভিযানৰ উমান পাই মৰিয়নি অভিমুখী কয়লা পৰিবাহী ট্ৰাকসমূহ শিৱসাগৰৰ হালোৱাটিং হৈ অসমত প্ৰবেশ কৰাবৰ বাবে কয়লা বেপাৰীৰ এটা চক্ৰ তৎপৰ হৈ পৰা বুলি জানিবপৰা গৈছে।ইপিনে আজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা তিনিজন কয়লা মাফিয়াৰ মুক্তিৰ বাবে মৰিয়নিৰ এটা দালাল চক্ৰই এজন আৰক্ষী বিষয়াক মোটা অংকৰ ধনেৰে মেনেজৰ প্ৰচেষ্টা চলাই মুৰকত সফল নহল।সততে মৰিয়নিত সমাজকৰ্মী হিচাপে জাহিৰ কৰা অহা দালালচক্ৰটোৱে কয়লা মাফিয়াৰ মুক্তিৰ বাবে আৰক্ষীক বৃহৎ পৰিমানৰ ধনৰ প্ৰস্তাব দিয়া বিষয়ে ৰাজহুৱা হৈ পৰাত আজি মৰিয়নিত সচেতন লোকৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।স্মৰ্তব্য যে মংগলবাৰে নিশা চিনামৰাত চাৰিখন অবৈধ কয়লা ভৰ্ত্তী ট্ৰাক জব্দ কৰিছিল আৰক্ষীয়ে।ইয়াৰ পিচতে আজি পুনৰ আৰক্ষীয়ে অভিযান চলাই জামিনবিহীন ধাৰাত গ্ৰেপ্তাৰ কৰে তিনি কুখ্যাত কয়লামাফিয়াক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in