শেহতীয়া খবৰ
কলিয়াবৰত মন্ত্ৰী কেশৱ মহন্তই বিতৰন কৰিলে ৰাষ্ট্ৰীয় পতাকা...  •  বিহপুৰীয়াত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে উদ্বোধন কৰিলে ৰুৰবান মিচনৰ আচঁনি...  •  ঢকুৱাখনাত মহিলা সন্ধানহীন...  •  ধেমাজিৰ বি. চি কেয়াৰ চিকিৎসালয়ৰ প্ৰেক্ষাগৃহত ৫ খন কাব্য সংকলন উন্মোচন...  •  পলাশবাৰীৰ চিয়াঁহী উদ্যোগত বিধ্বংসী অগ্নিকাণ্ড...  •  মৈৰাবাৰীত অবৈধ বিলাতী সুৰা জব্দ...  •  কামপুৰত ৰাজু সমীৰণৰ “ জলপ্ৰলয় “ উন্মোচন...  •  টিপং কয়লাখনিৰ কেইবা কোটি মূল্যৰ লোহা চুৰিঃ লুটপাত ৰোধিব নোৱাৰা আৰক্ষীৰ সাংবাদিকৰ ওপৰতহে বিৰূপ মন্তব্য...  •  শিৱসাগৰত ৰাইজৰ দলৰ বৃহৎ যোগদান সমাৰোহঃ পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ কথা ঘোষণা...  •  কবিতা ১২/ সহস্ৰ গাঁঠিৰ বান্ধ

উৎসৱৰ বতৰত ৰেলত উঠিছে টকাৰ উজানঃ নথিবিহীন ভাৱে কঢ়িয়াই নিয়া ৩ কোটিৰো অধিক টকা…

ডিজিটেল ডেস্কঃ এইবাৰ চলন্ত উদ্ধাৰ হৈছে কোটিৰ ঘৰত টকা। দুজন যাত্ৰীয়ে মোনাত লৈ অহা অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰিছে ৩ কোটিৰো অধিক টকা। মহানন্দ এক্সপ্ৰেছত যাত্ৰা কৰা দুজন লোকৰ পৰা উদ্ধাৰ কৰা হৈছে এই বৃহৎ পৰিমাণৰ ধনৰাশী।

এই ঘটনা সংঘটিত হৈছে মধ্য প্ৰদেশৰ খাণ্ডৱাত। মহাানন্দ এক্সপ্ৰেছত আৰক্ষীয়ে বাৰাণসীৰ পৰা মুম্বাইলৈ যাত্ৰা কৰা দুজন ব্যক্তিৰ পৰা ৩.২০ কোটি টকাৰ নগদ ধন জব্দ কৰিছে।

খাণ্ডৱাৰ চৰকাৰী ৰে’ল আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ববিতা কাথেৰিয়াই এই বিষয়ত কয় যে, নগদ ধন জব্দ কৰাৰ পিছত লোক দুজনক জিম্মাত লোৱা হৈছে। তেওঁ কয়, গোপন সূত্ৰে এই বিষয়ে তথ্য লাভ কৰাৰ পিছত ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ৰ বিষয়াসকলে জিআৰপি আৰু ৰে’ল সুৰক্ষা বাহিনীৰ সহায়ত মহানন্দ এক্সপ্ৰেছৰ দুটা ডবাত তালাচী চলাইছিল।

তালাচীৰ সময়ত দুজন যাত্ৰীৰ পৰা ৩.২০ কোটি নোট জব্দ কৰা হৈছিল। দুয়োজন ব্যক্তিৰ ওচৰত নগদ ধনসম্পৰ্কীয় কোনো নথি নাছিল।