শেহতীয়া খবৰ
তেজপুৰ বিশ্ববিদ্যলয়ৰ স্নাতকোত্তৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত উজলিল শিমলুগুৰিৰ নিলাক্ষী হাজৰিকা...  •  তেজপুৰ বিশ্ববিদ্যলয়ৰ স্নাতকোত্তৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত উজলিল শিমলুগুৰিৰ নিলাক্ষী হাজৰিকা...  •  পৰিবহন বিভাগত বিত্তীয় খেলিমেলি, মহানগৰীৰ ডিটিঅ’ সহ ৪জনক নিলম্বন...  •  কোৰোনাত আক্ৰান্ত বঙাইগাঁৱৰ আৰক্ষী অধীক্ষক..  •  চলিত শিক্ষাবৰ্ষ ৩ মাহ বৃদ্ধিৰ প্ৰস্তাৱ মাধ্যমিক শিক্ষা বিভাগৰ...  •  ভয়ংকৰ দৃশ্য! মাজুলীত বাঁহৰ দলং ভাঙি পানীত বাগৰিল ২০ জন... VIDEO  •  কাশ্মীৰৰ পৰা সেনা জোৱানক অপহৰণ সন্ৰাসবাদীৰ...  •  বিমান যাত্ৰীসকলৰ বাবে দুঃখবৰ....  •  দুখবৰঃ ৰাজ্যত কোভিড-১৯ত আক্ৰান্ত ৪জনৰ মৃত্যু...  •  মানকাচৰত পুনৰ ৩জনৰ দেহত কোভিড-১৯, জিলাখনত আক্ৰান্তৰ সংখ্যা ৭৮ জনলৈ বৃদ্ধি...

দ্বিতীয় স্থান লাভ কৰা চিন্ময়ৰ যোৰহাটৰ বাসগৃহত আনন্দমুখৰ পৰিৱেশ, VIDEO

375

ডিজিটেল সংবাদ, যোৰহাটঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ২০১৯ত দ্বিতীয় স্থানেৰে যোৰহাটলৈ গৌৰৱ কঢ়িয়ালে চিন্ময় হাজৰিকাই। ডনবস্ক’ হাইস্কুল, বাঘচুংৰ ছাত্ৰ চিন্ময় হাজৰিকাই ৫৯৩ নম্বৰেৰে দ্বিতীয় স্থান লাভ কৰে। উল্লেখযোগ্য যে, চিন্ময়ৰ পিতৃৰ নাম ৰূপক হাজৰিকা আৰু মাতৃৰ নাম ৰুলী হাজৰিকা। চিন্ময়ৰ পিতৃ ৰূপক হাজৰিকা এন আৰ এলৰ কৰ্মী।

এই ফলাফল লাভ কৰাৰ পিছতে চিন্ময়ৰ বাসগৃহত এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰে। মেধাৱী ছাত্ৰগৰাকীক অভিনন্দন জনাবলৈ পুৱাই ঘৰত যথেষ্ট সংখ্যক লোকৰ আগমণ ঘটে। সৰুৰে পৰাই পঢ়া-শুনাত অত্যন্ত ৰাপ থকা চিন্ময়ে এই সফলতাৰ বাবে শিক্ষক, পিতৃ-মাতৃক ধন্যবাদ জনায়। চিন্ময়েও উচ্চতম মাধ্যমিককত বিজ্ঞান শাখাত অধ্যয়ণ কৰি চিকিৎসক হোৱাৰ মন থকা বুলি জানিবলৈ দিয়ে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি