দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰচাৰত নামিছে ৰাজনৈতিক দলৰ নেতা-পালিনেতা

দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰচাৰত নামিছে ৰাজনৈতিক দলৰ নেতা-পালিনেতা

পঞ্চায়ত নিৰ্বাচনঃ নামনি ভিৰ নেতা-পালিনেতাৰ

ডিজিটেল সংবাদ, অভয়াপুৰীঃ নামনি অসমত দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগতে ভিৰ বাঢ়িছে ৰাজনৈতিক নেতা-পালিনেতাৰ৷ বিশেষকৈ বঙাইগাঁও জিলাৰ জিলা পৰিষদ তথা গাঁও পঞ্চায়ত সমূহ নিজৰ দখলত অনাৰ বাবে উঠি-পৰি লাগিছে আটাইকেইটা ৰাজনৈতিক দলেই৷

কংগ্ৰেছৰ নেতা প্ৰদ্যুৎ বৰদলৈয়ে বুধবাৰে বইটামাৰী আৰু ছিপনছিলাত প্ৰচাৰ চলায়৷ আনহাতে বৃহস্পতিবাৰে যোগীঘোপাত প্ৰচাৰ চলাব এ আই ইউ ডি এফৰ নেতা বদৰুদ্দিন আজমল আৰু কংগ্ৰেছৰ ৰিপুন বৰাই৷ সমান্তৰালকৈ চাপৰত প্ৰচাৰ কাৰ্য চলাব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷

আনহাতে শুকুৰবাৰে যোগীঘোপাত পুনৰ প্ৰচাৰ কাৰ্য চলাব অগপৰ প্ৰফুল্ল মহন্ত আৰু বিজেপিৰ ড° হিমন্ত বিশ্ব শৰ্মাই৷ লক্ষণীয়ভাৱে,  প্ৰচাৰ কাৰ্য চলোৱা স্থানসমূহ সংখ্যালঘু লোক অধ্যূষিত৷ মূলত পঞ্চায়ত নিৰ্বাচনত যে আটাইকেইটা ৰাজনৈতিক দলে সংখ্যালঘু লোকক ভোট বেংক হিচাপে লৈছে সেয়া স্পষ্ট হৈ পৰিছে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in