শেহতীয়া খবৰ
এতিয়াও সন্ধানহীন কলিয়াভোমোৰা দলঙত দুৰ্ঘটনাত পতিত হোৱা ট্ৰাকৰ হেণ্ডিমেন...  •  বাক্সাৰ খাগ্ৰাবাৰীত ভালুক উদ্ধাৰ...  •  দুটা পকা অমিতাৰ ওজন ৬ কেজি ১০০গ্ৰামঃ শিক্ষিত যুৱ খেতিয়কে দেখুৱাইছে স্বাৱলম্বিতাৰ নিদৰ্শন...  •  হু ইজ প্ৰদীপ দত্ত ৰায়?  •  কৃষি খণ্ডৰ বিকাশৰ বাবে কৃষকৰ মাজত উন্নত মানৰ আলুৰ বীজ বিতৰন...  •  কৃষি মন্ত্ৰী অতুল বৰাৰ সমষ্টিত জীপাল কৃষক-শ্ৰমিক সংঘৰ অৱস্থান ধৰ্মঘট..  •  মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত অগ্নিকাণ্ড...  •  ২৫৩ বছৰে অুষ্ঠিত হৈ আহিছে ন-লগোৱা উৎসৱঃ ১০-১১ আঘোণতো পৰম্পৰা ৰক্ষা কৰি অনুষ্ঠিত হ'ব এই উৎসৱ...  •  ১১৮ বছৰীয়া শিক্ষানুষ্ঠানৰ উচুপনি শুনে কোনে? খালী হৈ আছে ৩৩ টা পদ, ছাত্ৰ-ছাত্ৰীৰ ছান্দা তুলি ভাড়াতীয়া শিক্ষকৰ জৰিয়তে পাঠগ্ৰহণ...  •  ১১৮ বছৰীয়া শিক্ষানুষ্ঠানৰ উচুপনি শুনে কোনে? খালী হৈ আছে ৩৩ টা পদ, ছাত্ৰ-ছাত্ৰীৰ ছান্দা তুলি ভাড়াতীয়া শিক্ষকৰ জৰিয়তে পাঠগ্ৰহণ...

গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেন্টাৰত অনুষ্ঠিত দ্বিতীয় নৰ্থ-ইষ্ট মেডিকেল এক্সপ’…

ডিজিটেল ডেস্কঃ গুৱাহাটীত শনিবাৰে অনুষ্ঠিত হয় দ্বিতীয় নৰ্থ ইষ্ট মেডিকেল এক্সপ’। ২৩ আৰু ২৪ অক্টোবৰত দুদিনীয়াকৈ আয়োজিত চিকিৎসা সঁজুলি আৰু হাস্পতাল খণ্ডৰ ক্ষেত্ৰত উত্তৰ পূৰ্বাঞ্চলৰ শীৰ্ষস্থানীয় এই এক্সপ’ অনুষ্ঠিত হয় গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেন্টাৰত। কোভিডৰ পৰিৱৰ্তী পৰ্যায়ত চৰকাৰী খণ্ডৰ লগতে ব্যক্তিগত খণ্ডৰ স্বাস্থ্য কেন্দ্ৰ সমূহৰো যথেষ্ট উন্নতি সাধন হৈছে।

এই দুদিনীয়াকৈ অনুষ্ঠিত মেডিকেল এক্সপ’ত চিকিৎসা খণ্ডৰ সঁজুলি প্ৰস্তুতকাৰী প্ৰতিষ্ঠান, ডীলাৰ, ডিষ্ট্ৰিবিউটৰ, চিকিৎসক, হাস্পতাল মেনেজমেন্ট টীম, চিকিৎসা সংস্থাৰ সদস্য, চিকিৎসা মহাবিদ্যালয়, সকলো ৰাজ্যিক চিকিৎসা বিভাগ আৰু অন্যান্য চিকিৎসা প্ৰতিষ্ঠানসমূহক এখন মঞ্চ প্ৰদানৰ লক্ষ্য লোৱা হৈছে।

দ্বিতীয়বাৰলৈ অনুষ্ঠিত হোৱা এই প্ৰদৰ্শনীত দিল্লী, গুজৰাট, কলকাতা, মুম্বাই আৰু চেন্নাইকে ধৰি দেশৰ সকলো প্ৰান্তৰ প্ৰদৰ্শনকাৰীয়ে অংশগ্ৰহণ কৰিছে। আয়োজকসকলৰ মতে এই প্ৰদৰ্শনীত থাকিব ৭৫জনতকৈও অধিক প্ৰদৰ্শনকাৰী। এই এক্সপ’ত ১০০০তকৈও অধিক লোকৰ আগমন ঘটিব বুলি আশা কৰা হৈছে। ইয়াৰ ভিতৰত থাকিব বিভিন্ন হাস্পতালৰ স্বত্বাধিকাৰী, প্ৰবন্ধক, ক্ৰয় বিভাগৰ প্ৰতিনিধি, চৰকাৰী বিষয়ববীয়া ইত্যাদি।

উত্তৰ পূৰ্বাঞ্চলৰ স্বাস্থ্য সেৱা খণ্ডত এই এক্সপ’ৰ জৰিয়তে তেওঁলোকে বিক্ৰী বৃদ্ধি, সহযোগিতা স্থাপন, বিনিয়োগ আৰু নেটৱৰ্কিং তথা বিপণনৰ ক্ষেত্ৰত নতুন সুযোগৰ সন্ধান কৰিব পাৰিব।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি