শেহতীয়া খবৰ
ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ সাহায্যৰে পশু চিকিৎসা বিভাগৰ প্ৰশিক্ষণঃ আত্মসহায়ক গোটৰ মাজত গৰু, গাহৰি বিতৰণ  •  পুনৰ উত্তপ্ত মৰিয়নিঃ নাগালেণ্ড সীমান্তৰ পৰা অসম আৰক্ষী প্ৰত্যাহাৰ কৰাৰ পাছতে নগাই আঁৰিলে ফলক  •  পুনৰ উত্তপ্ত মৰিয়নিঃ নাগালেণ্ড সীমান্তৰ পৰা অসম আৰক্ষী প্ৰত্যাহাৰ কৰাৰ পাছতে নগাই আঁৰিলে ফলক  •  ৰবী কুমাৰলৈ পুৰস্কাৰৰ বৰষুণঃ চাকৰি, টকা, মাটি..  •  ৰবী কুমাৰলৈ পুৰস্কাৰৰ বৰষুণঃ চাকৰি, টকা, মাটি..  •  ৰবী কুমাৰলৈ পুৰস্কাৰৰ বৰষুণঃ চাকৰি, টকা, মাটি..  •  ঢকুৱাখনাত প্ৰয়াত সংবাদসেৱী অনিৰ্বাণ বৰগোঁহাইৰ স্মৃতিচাৰণ সভা...  •  মিজোৰাম ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ জাৰি কৰা নিৰ্দেশনা প্ৰত্যাহাৰ অসম চৰকাৰৰ  •  মিজোৰাম ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ জাৰি কৰা নিৰ্দেশনা প্ৰত্যাহাৰ অসম চৰকাৰৰ  •  ভাৰতীয় হকী দলটোত দলিত খেলুৱৈ থকাৰ বাবেই পৰাস্ত হ'লঃ হকী খেলুৱৈৰ ঘৰৰ সন্মুখত আতচবাজী ফুটাই উল্লাখ তথাকথিত উচ্চ বৰ্ণৰ

ৰাষ্ট্ৰীয় টাং চু ডু প্ৰতিযোগিতাত অসমৰ সাফল্য…

ৰাষ্ট্ৰীয় টাং চু ডু প্ৰতিযোগিতাত অসমৰ সাফল্য…

ডিজিটেল ডেস্কঃ দ্বিতীয় ৰাষ্ট্ৰীয় টাং-চু-ডু ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত অসমৰ বৃহৎ সাফল্য। প্ৰতিযোগিতাখনত অসমৰ ৫০ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰি মুঠ ৭৬ টা মেডেল লাভ কৰিবলৈ সক্ষম হয়। কোৰানাৰ সংক্ৰমণৰ বাবে ২০২০ চনৰ পৰা সমৰকলাৰ সংস্থা টাং চু ডুৱে অনুষ্ঠিত কৰি আহিছে ভাৰ্চুৱেল প্ৰতিযোগিতা। ১৯ জুনত ক্ৰীড়া সংস্থাটোৱে দ্বিতীয় বাৰৰ বাবে ভাৰ্চুৱেলী অনুষ্ঠিত কৰা ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অসমৰ ৫০ গৰাকী খেলুৱৈয়ে বিভিন্ন শাখাত অংশগ্ৰহণ কৰি লাভ কৰিলে ৭৬ টা পদক।

ক্লিক কৰি পঢ়কঃ টেষ্ট ক্ৰিকেটত বিৰাটৰ ১০ বছৰ

প্ৰতিযোগিতাত অসম দলটোৱে বিভিন্ন শাখাত কাটা, স্পীড কিক, এৰিঅ’ মাৰ্চিয়েল আৰ্ট, আৰু ৱেপন কাটা শিতানত ১৫ টা সোন, ১৪ টা ৰূপ আৰু ১৯ টা ব্ৰঞ্জৰ পদক দখল কৰিবলৈ সক্ষম হৈছে। পদক প্ৰাপ্ত খেলুৱৈসকলক টাং-চু-ডু অসমৰ মুখ্য প্ৰশিক্ষক তথা টাং চু ডু অসম সংস্থাৰ সম্পাদক মাষ্টাৰ দেৱজিৎ গগৈয়ে শুভেচ্ছা জনাইছে। আনহাতে এই প্ৰতিযোগিতাত অসম দলটোৱে অংশগ্ৰহণ কৰাৰ ক্ষেত্ৰত কাৰিকৰি দিশটোৰ লগতে অন্য ধৰণেও সহায় সহযোগিতা আগবঢ়োৱা সকলোলৈকে ধন্যবাদ জনাইছে সংস্থাৰ সভাপতি মনোৰঞ্জন বৰগোহাঁইয়ে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি