২ মে’ৰ ৮ বজাত পোষ্টেল বেলটেৰে আৰম্ভ হ’ব ভোটগণনা…

২ মে’ৰ ৮ বজাত পোষ্টেল বেলটেৰে আৰম্ভ হ’ব ভোটগণনা…

ডিজিটেল ডেস্কঃ ২ মে'ৰ পুৱা ৮ বজাৰ পৰা সমগ্ৰ ৰাজ্যজুৰি আৰম্ভ হ'ব ভোটগণনা। ভোট গণনাৰ আৰম্ভণিতে প্রথম আধা ঘন্টাত পোষ্টেল বেলটৰ কাৰ্য সম্পন্ন কৰা হ'ব। নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি ভোটগণনা কক্ষত প্ৰতিজন প্ৰাৰ্থীৰ বিপৰীতে সৰ্বমুঠ মাত্ৰ ১৮জন এজেন্টহে পৰ্যায়ক্ৰমে থাকিব পাৰিব। এজেন্টসকলে গণনাকক্ষত প্ৰৱেশ কৰাৰ পূৰ্বে কোভিড পৰীক্ষাৰ ৰিপৰ্ট জমা দিব লাগিব।

আনহাতে, তেওঁলোকৰ হাতত থাকিব লাগিব নিৰ্বাচন আয়োগে প্ৰদান কৰা ফটো সম্বলিত পৰিচয় পত্ৰ। ইফালে, বিভিন্ন দলে জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই পুৱা ৮ বজাত আৰম্ভ হ'ব লগা ভোটগণনা প্ৰথমেই পোষ্টেল বেলটৰ পৰীক্ষা সম্পন্ন কৰা হ'ব।

ৰিটাৰ্ণিং বিষয়াৰ হাতত জমা থকা এই পোষ্টেল বেলটসমূহ প্ৰাৰ্থীৰ সাক্ষাতত পুৱা ৮ বজাৰ পৰা ৮.৩০ বজাৰ ভিতৰত গণনা কৰা হ'ব। উল্লেখযোগ্য যে, কেইবাটাও কাৰণত এইবাৰ বিভিন্ন সমষ্টিত পোষ্টেল বেলটৰ সংখ্যা বহু পৰিমানে বৃদ্ধি পাইছে।

পূৰ্বৰ নিৰ্বাচন সমূহত নিৰ্বাচনী দায়িত্বৰ উপৰি নিৰাপত্তা সেৱা আৰু বিশেষ সেৱাৰে জড়িত লোকসকলৰ লগতে গৃহভূমিৰ বাহিৰত কৰ্মৰত কৰ্মচাৰীসকলে ডাকৰ জৰিয়তে ভোট প্ৰদানৰ সুবিধা আছিল। কিন্তু এইবাৰৰ বিধানসভাত ৮০ বছৰৰ উৰ্ধৰ লোকৰ লগতে শাৰীৰিকভাৱে বাধাগ্ৰস্ত আৰু অন্তসত্বা আৰু বিশেষ ৰোগত আক্ৰান্ত লোকৰ ভোট সংগ্ৰহৰ ব্যৱস্থা কৰা হৈছে।

ফলত পূৰ্বে যদিও ডাকযোগে ভোট প্ৰদান কৰা ভোটৰ সংখ্যা প্ৰতিটো সমষ্টিত হাজাৰৰ তলত আছিল ,এইবাৰ এই সংখ্যা সমষ্টি বিশেষে ৪ হাজাৰৰো অধিক পৰ্যন্ত হৈছেগৈ। ইয়াকে লৈ বিৰোধী দলসমূহে উক্ত ভোটৰ সংগ্ৰহ আৰু গণনাৰ ক্ষেত্ৰত আসোৱাহ থকাৰ আশংকা কৰি নিৰ্বাচন আয়োগক পুৱাৰ ভাগতে প্রথমে এই বেলটসমূহ পৰীক্ষাৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছিল। সেই পৰিপ্ৰেক্ষিততে ২ মে'ৰ পুৱা প্ৰথমে ডাকৰ জৰিয়তে অথবা নিৰ্বাচন আয়োগে পোনপটীয়াকৈ সংগ্ৰহ কৰা ভোটৰ গণনা কৰাৰ ব্যৱস্থা কৰা বুলি জানিব পৰা গৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in