বকোত ২৮অক্টোবৰত দিনজোৰা কাৰ্যসূচীৰে ‘শৰতৰ এদিন’,ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ শিক্ষাৰ্থী দীপু ৰাভাক সম্বৰ্ধনা…

বকোত ২৮অক্টোবৰত দিনজোৰা কাৰ্যসূচীৰে ‘শৰতৰ এদিন’,ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ শিক্ষাৰ্থী দীপু ৰাভাক সম্বৰ্ধনা…

ডিজিটেল সংবাদ,বকো : কামৰূপ জিলাৰ বকোৰ ৰাভা হাছং সংগ্ৰহালয় আৰু প্ৰত্নতাত্বিক সমাজে অহা ২৮অক্টোবৰত১১সংখ্যক 'শৰতৰ এদিন' উদযাপন কৰাৰ প্ৰস্তুতি চলাইছে । ক'ভিড প্ৰট'কল মানি বকোৰ শনিবাৰীয়া বজাৰৰ সমীপত থকা ৰাভা হাছং সংগ্ৰহালয়ত উদপান কৰিবলগীয়া শৰতৰ এদিন উপলক্ষে এখন স্মৃতি গ্ৰন্থ প্ৰকাশৰো যো-জা চলাইছে।

সেইদিনা ৰাতিপুৱা১০বজাৰ পৰা উদযাপন কৰিব লগা শৰতৰ এদিনত বক্তৃতা, কবিতা আবৃত্তি ,অভিনয় আৰু সঙ্গীত পৰিবেশন কৰিব বুলি পৰিচালনা সমিতিৰ সভাপতি আৰু সম্পাদক ক্ৰমে- বলেন ৰাভা আৰু চবিন ৰাভাই জনাইছে। সেইদিনা সাহিত্য,সংস্কৃতি প্ৰেমী লোকৰ অংশ গ্ৰহণ কামনা কৰিছে ৰাভা হাছং সংগ্ৰহালয় আৰু প্ৰত্নতাত্বিক সমাজৰ সভাপতি-সম্পাদক ক্ৰমে- ডা* শৰৎ ৰাভা আৰু বেণুধৰ ৰাভাই। উল্লেখযোগ্য যে ২০১৯:ইং বৰ্ষত ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ত শিক্ষা গ্ৰহণৰ বাবে নিৰ্বাচিত হোৱা বকো পাখাৰাপাৰা গাঁৱৰ শিক্ষাৰ্থী দীপু ৰাভাক সম্বৰ্দ্ধনা জনোৱা হ'ব ।

লগতে শৰতৰ এদিনৰ বিশেষ কাৰ্য্যসূচীত কবি সন্মিলন আৰু অন্তৰঙ্গ অনুষ্ঠানত সাহিত্যিক জ্ঞানশংকৰ খাখলাৰী, চিত্ৰশিল্পী পূৰ্ণিমা পাল, কণ্ঠশিল্পী জোৎষ্ণা ৰাভা, তিলক গোস্বামী,বিপীন কলিতা, অধ্যাপক ড:নৰকান্ত অধিকাৰী, বিশিষ্ট ব্যক্তি প্ৰহ্লাদ বড়োকে ধৰি বহু বিশিষ্ট ব্যক্তিয়ে অংশ গ্ৰহণ কৰাৰ কথা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in