কেজিত ১২০০ টকাকৈ মহানগৰীৰ বজাৰত বিক্ৰী হ’ল ২৮ কেজি ওজনৰ বৰালি

কেজিত ১২০০ টকাকৈ মহানগৰীৰ বজাৰত বিক্ৰী হ’ল ২৮ কেজি ওজনৰ বৰালি

ডিজিটেল সংবাদ, গুৱাহাটীঃ গুৱাহাটী মহানগৰীৰ উলুবাৰীৰ বজাৰত বৃহস্পতিবাৰে প্ৰায় ৩০ হাজাৰ টকাত বিক্ৰী হ'ল এটা মাছ। এই মাছটো কিনিবলৈ পুৱাই বজাৰত ভিৰ কৰিলেহি অগণন গ্ৰাহকে। সকলোৰে এটাই ইচ্ছা- ইমান দামী মাছটোৰ এচকল খাব পৰা হ'লে!

প্ৰকাণ্ড বৰালিটো…

বৃহস্পতিবাৰে পুৱা মাছমৰীয়াই ব্ৰহ্মপুত্ৰত মাছ মাৰি থাকোতে জালত পৰিছিল প্ৰকাণ্ড মাছটো। পিছত মাছমৰীয়াই মাছতো উলুবাৰী বজাৰলৈ লৈ আনি বিক্ৰীৰ দাম শুনায়। কিন্তু বিক্ৰেতাই দাম যিমানেই নকওক, গ্ৰাহক নকমিল। বৰং ইজনৰ পিছত সিজনকৈ মুহূৰ্তৰ ভিতৰতে ভৰি পৰিল বজাৰ।

উলুবাৰী বজাৰত পুৱাই বিক্ৰী কৰিবলৈ এই বৰালি মাছটোৰ ওজন ২৮ কিলো। প্ৰতি কিলো ১২০০ টকাত বেপাৰীয়ে প্ৰকাণ্ড বৰালি মাছটো বিক্ৰী কৰি লাভ কৰে প্ৰায় ৩০ হাজাৰ টকা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in