২৭ জানুৱাৰীত অসম বন্ধ!

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ ৰাজ্যত অব্যাহত আছে জাতি ধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ। কেৱল অসমতে নহয় সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ভিন্ন দল-সংগঠনে এই বিধেয়ক খনৰ বিৰুদ্ধে ৰূপায়ন কৰিছে প্ৰতিবাদী কাৰ্যসূচী। বিগত দিনত বিধেয়কখনৰ বিৰোধীতাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, কৃষক মুক্তিকে ধৰি ৭০ টা জাতীয় সংগঠনে যৌথভাৱে বিভিন্ন সংগ্ৰাম অব্যাহত ৰাখিছে।

বিধেয়কৰ বিৰোধীতাৰে অহা ২৭ জানুৱাৰীত পুনৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিব ৭০ সংগঠনে। ইতিমধ্যে এই প্ৰতিবাদী কাৰ্যসূচীৰ কথা ঘোষণা কৰিছে ৭০ সংগঠনৰ নেতৃত্বই। অহা ২৭ জানুৱাৰীত ৰাজ্যত পুৱা ৫ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ ৰে'লপথ আৰু ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচী হাতত লৈছে ৭০ সংগঠনে।

কেৱল এয়াই নহয় ২৮,২৯ জানুৱাৰীত দিছপুৰ লাষ্টগেটত বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰাৰ কথাও যোৱা ২১ জানুৱাৰীত এক সংবাদমেলত ঘোষণা কৰিছে ৭০ সংগঠনৰ নেতৃত্বই। উল্লেখ্য যে, ২৭ জানুৱাৰীৰ এই প্ৰতিবাদী কাৰ্যসূচীক বহুতে অসম বন্ধ বুলি অপ্ৰচাৰো কৰা দেখা গৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in