ডিচেম্বৰত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী! ২৬ৰ পৰা ২৯ ডিচেম্বৰলৈ নগাঁৱৰ নেহেৰুবালিত “অসম প্ৰাদেশিক যোগী সন্মিলনীৰ” শতবাৰ্ষিকীৰ অনুষ্ঠান

ডিচেম্বৰত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী! ২৬ৰ পৰা ২৯ ডিচেম্বৰলৈ নগাঁৱৰ নেহেৰুবালিত “অসম প্ৰাদেশিক যোগী সন্মিলনীৰ” শতবাৰ্ষিকীৰ অনুষ্ঠান

ডিজিটেল সংবাদ, ৰহাঃ ১৯১০ চনত প্ৰতিষ্ঠা হোৱা "অসম-বঙ্গ যোগী সন্মিলনীৰ" প্ৰতিষ্ঠাৰ পাছত ১৯১৯ চনৰ ২৬ আৰু ২৭ ডিচেম্বৰত তেজপুৰৰ বেচেৰীয়াত প্ৰতিষ্ঠা হোৱা "অসম প্ৰাদেশিক যোগী সন্মিলনীৰ" ভৰি দিয়া বছৰটোতে আৰম্ভ হৈছে শতবাৰ্ষিকীৰ অনুষ্ঠান। ২০১৮ চনৰ ২৭ ডিচেম্বৰত ছিপাঝাৰত আৰম্ভ হোৱা শতবাৰ্ষিকীৰ অনুষ্ঠানটোৰ সামৰণি অনুষ্ঠান মধ্য অসমৰ নগাঁও জিলা সদৰৰ নেহেৰুবালিত অহা ২৬, ২৭, ২৮ আৰু ২৯ ডিচেম্বৰত চাৰিদিনীয়া বৰ্নাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব।

অসমৰ প্ৰায় ৪৩ লাখ লোকৰ স্বজাতিৰ অনুষ্ঠানটোৰ অভ্যৰ্থনাৰ বাবে জিলা ভিত্তিত এখন আদৰণি সমিতি আৰু ১৬ খন উপসমিতি গঠন কৰা হৈছে। শতবাৰ্ষিকীত প্ৰকাশ পাবলগীয়া স্মৃতিগ্ৰন্থখনৰ বাবে বিশিষ্ট কবি তথা প্ৰাক্তন বেংক বিষয়া প্ৰেম নাৰায়ণ নাথক(ৰহা ) সভাপতি, দিলিপ কুমাৰ নাথক সম্পাদক হিচাবে লৈ এখন স্মৃতিগ্ৰন্থ উপসমিতি গঠন কৰা হৈছে। আদৰণি সমিতিৰ সম্পাদক ডিম্বেশ্বৰ নাথে জনোৱা মতে অনান্য কাৰ্যসূচীৰ লগতে ২৭ ডিচেম্বৰত ১০০ খন পতাকা উত্তোলন, ১০০ গছি বন্তি প্ৰজ্বলন, শতবৰ্ষৰ ওপৰত আলোচনা চক্ৰ, বিয়লি প্ৰাদেশিক মহিলা সন্মিলনীৰ গ্ৰন্থ উন্মোচনী সভা, নগাঁও জিলাৰ সন্মানীয় স্বজাতীয় লোকক সম্বৰ্ধনা, নিশা সাংস্কৃতিক অনুষ্ঠান।

২৮ ডিচেম্বৰত পুৱা বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা, বিয়লি বিভিন্ন জনগোষ্ঠীৰ সাহিত্যিক, বুদ্ধিজীৱীক লৈ আলোচনা চক্ৰ, এশবছৰীয়া পৰিক্ৰমাত জড়িত ব্যক্তিক সম্বৰ্ধনা, নিশা সাংস্কৃতিক অনুষ্ঠান। ২৯ ডিচেম্বৰত অনুষ্ঠিত হ'ব মুকলি সভা। মুকলি সভাত বিশিষ্ট অতিথি হিচাবে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথ, অসমৰ বিত্ত আৰু স্বাস্হ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেইবাগৰাকী মন্ত্ৰী আৰু বিধায়কে অংশগ্ৰহণ কৰিব।

শতবাৰ্ষিকীৰ মুখ্য অতিথি হিচাবে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আমন্ত্ৰণ জনোৱা হৈছে। অলপতে শতবাৰ্ষিকীৰ মূল সমিতিৰ সৈতে আদৰণি সমিতিৰ সভাপতি তথা নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই অসমৰ মুখ্যমন্ত্ৰীৰ জৰিয়তে প্ৰধানমন্ত্ৰীলৈ আমন্ত্ৰণ জনোৱা হৈছে শতবাৰ্ষিকীৰ মূল সমিতিয়ে এই সম্পৰ্কে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ সৈতেও যোগাযোগ অব্যাহত ৰাখিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in