শেহতীয়া খবৰ
দুখীয়াৰ মনৰ কথা বুজ লৈ ন'বেল লাভ কৰা ভাৰতৰ পুত্ৰ-বোৱাৰী...  •  দুখীয়াৰ মনৰ কথা বুজ লৈ ন'বেল লাভ কৰা ভাৰতৰ পুত্ৰ-বোৱাৰী...  •  দুখীয়াৰ মনৰ কথা বুজ লৈ ন'বেল লাভ কৰা ভাৰতৰ পুত্ৰ-বোৱাৰী...  •  ৰহাৰ প্ৰাঞ্জল মেম'ৰিয়েল একাডেমীৰ ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভ অনুষ্ঠান  •  বেলতলাত নামাজ পঢ়ি উভতাৰ সময়তে তীব্ৰবেগী বাইকৰ খুন্দাত প্ৰাণ গ'ল এজনৰ, চিচিটিভিত বন্দী দুৰ্ঘটনাৰ সমগ্ৰ দৃশ্য, VIDEO  •  বেলতলাত নামাজ পঢ়ি উভতাৰ সময়তে তীব্ৰবেগী বাইকৰ খুন্দাত প্ৰাণ গ'ল এজনৰ, চিচিটিভিত বন্দী দুৰ্ঘটনাৰ সমগ্ৰ দৃশ্য, VIDEO  •  নিশা ভূমিকম্পই জোকাৰি গ’ল হিমাচলপ্ৰদেশ...  •  ঢকুৱাখনাৰ ধেনুখনাত ধেমাজি জিলা সমিতিৰ উদ্যোগত অগপৰ ৩৫ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন  •  মাৰ্ঘেৰিটাৰ বৰগোলাইত পথ দুৰ্ঘটনাত এজন নিহত  •  বৰক্ষেত্ৰীত অগপৰ প্ৰতিষ্ঠা দিৱস, আঞ্চলিক দলত যোগদান বহু পুৰুষ-মহিলাৰ

ডাবল ধামাকাঃ ২৬ সংখ্যক আন্তজাৰ্তিক গুৱাহাটী বাণিজ্য মেলাৰ ফেশ্বন শ্ব’ত টীম ‘ৰত্নাকৰ’, চাওক VIDEO…

566

ডিজিটেল ডেস্কঃ যোৱা ২৭ ছেপ্তেম্বৰৰ পৰা গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেন্টাৰত অনুষ্ঠিত হৈছে ২৬ সংখ্যক আন্তজাৰ্তিক গুৱাহাটী বা্ণিজ্য মেলা। দেশ বিদেশৰ আকৰ্ষণীয় সা-সামগ্ৰীৰে ভৰি থকা এই মেলাত আৰম্ভণি দিনাৰে পৰা ভিৰ লাগিছে অসংখ্য লোকৰ। কেৱল ক্ৰেতা ৰাইজেই নহয় বিক্ৰেতা হিচাপেও এই মেলাত অংশ লৈছে দেশ-বিদেশৰ বহুকেইজন উদ্যোগী ব্যক্তিয়ে।

Image may contain: sky and outdoor

বাণিজ্য মেলাৰ সমান্তৰালভাৱে এই মেলাত ২ অক্টোবৰ সন্ধিয়া অনুষ্ঠিত হয় এটা ফেশ্বন শ্ব’ও। Industries and Trade Fair Association of Assam য়ে আয়োজন কৰা মেলাখনত অনুষ্ঠিত হোৱা এই ফেশ্বন শ্ব’ত অংশ লয় দেশৰ ফেশ্বন জগতৰ বিখ্যাত মডেল ডিয়ান্দাই। ইয়াৰ উপৰিও ডিজাইনাৰ মেঘনাই ডিজাইন কৰা পোছাক পিন্ধি ৰেম্পত খোজ পেলায় প্ৰাক্তন মিষ্টাৰ ইণ্ডিয়া কাৱালজিৎ আনন্দে।

ইফালে ২৬ সংখ্যক আন্তজাৰ্তিক গুৱাহাটী বা্ণিজ্য মেলাৰ ২ অক্টোবৰৰ সন্ধিয়াটো আৰু অধিক জীপাল কৰি তোলে অসমীয়া ছবি ৰত্মাকৰৰ টীমে। ফেশ্বন শ্ব’ চলি থকাৰ মাজতে ছবিখনৰ প্ৰচাৰৰ বাবে উপস্থিত হয় টীম ৰত্নাকৰ।

25th International Guwahati Trade Fair 2018 ಅವರಿಂದ ಈ ದಿನದಂದು ಪೋಸ್ಟ್ ಮಾಡಲಾಗಿದೆ ಬುಧವಾರ, ಅಕ್ಟೋಬರ್ 2, 2019

যতীন বৰা, বৰষাৰাণী বিষয়া, নিশিতা গোস্বামীৰ লগতে ছবিখনৰ প্ৰযোজক নৱনীতা বৰাই ছবিখন সকলোৱে আদৰি লৈ ছবিঘৰত উপভোগ কৰিবলৈ অনুৰোধ কৰে।

Image may contain: one or more people, basketball court and indoor

উল্লেখ্য যে, Industries and Trade Fair Association of Assam আৰু জয়া কমিউনিকেচন অনুষ্ঠিত কৰা এই বাণিজ্য মেলাখন আয়োজন কৰাত সহযোগিতা আগবঢ়াইছে ভাৰত চৰকাৰেও। মঙলবাপৰে পুৱা কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়েও পৰিদৰ্শন কৰে আন্তজাৰ্তিক মেলাখন। ২৬ সংখ্যক আন্তজাৰ্তিক গুৱাহাটী বা্ণিজ্য মেলাত অংশ লৈছে থাইলেণ্ড, বাংলাদেশ, আফগানিস্তানৰ লগতে কেইবাখনো দেশৰ প্ৰতিনিধিয়ে।

Image may contain: 4 people, people standing and food
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি