২৬ ভাৰতীয় বন্দীক মুকলি কৰি দিব পাকিস্তানে

২৬ ভাৰতীয় বন্দীক মুকলি কৰি দিব পাকিস্তানে

ডিজিটেল ডেস্কঃ স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ভাৰতলৈ শুভেচ্ছা আৰু শুভবাৰ্তা প্ৰেৰণৰ লক্ষ্যৰে পাকিস্তানে দেশখনত বন্দী হৈ থকা ২৬গৰাকী বন্দীক মুকলি কৰি দিয়াৰ সিদ্ধান্ত লৈছে।

ইমৰান খানৰ নেতৃত্বত গঠিত হ'বলগীয়া পাকিস্তানৰ নতুন চৰকাৰে ভাৰতলৈ এক ইতিবাচক বাৰ্তা প্ৰেৰণৰ লক্ষ্যৰে এনে পদক্ষেপ গ্ৰহণ কৰা বুলি সংবাদমাধ্যমৰ সূত্ৰত প্ৰকাশ পাইছে।

মুকলি কৰি দিবলগীয়া  বন্দীসকল আছিল ভাৰতীয় মাছমৰীয়া। পাকিস্তানৰ জলভাগত সাগৰত মাছ মাৰিবলৈ গৈ প্ৰৱেশ কৰা ভাৰতীয় মাছমৰীয়াসকলক পাক নৌ সেনাই আটক কৰিছিল। তেওঁলোকক পাক কৰ্তৃপক্ষই সীমান্তইদি ভাৰতীয় কৰ্তৃপক্ষক গতাই দিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in