১ মিনিটত পঢ়ক ২৫ খবৰ!

১ মিনিটত পঢ়ক ২৫ খবৰ!

১. মোডীৰ স্বচ্ছ ভাৰত মিছনে কেৱল দেশকে পৰিচ্ছন্ন কৰাত সীমাৱদ্ধ হৈ থকা নাই। এই মিছনে আমাৰ অৰ্থনৈতিক ব্যৱস্থালৈ স্বচ্ছতা আনিছে। এই মন্তব্য কেন্দ্ৰীয় পীয়ুষ গোৱেলৰ।

২. কেৰেলাত কিছুদিনৰ পূৰ্বে এগৰাকী নানক বলাৎকাৰ কৰা হৈছিল। এই বলাৎকাৰৰ গোচৰত আৰক্ষীয়ে বিছপ ফ্ৰাংকো মুলাক্কাললৈ চমন জাৰি কৰিছে বুধবাৰে। ১৯ ছেপ্টেম্বৰত আৰক্ষীৰ ওচৰত হাজিৰ হ'ব লাগিব তেওঁ।

৩. কোনো বেয়া উদ্দেশ্যৰে কিংফিছাৰে বেংকৰ ঋণ লোৱা নাছিল। লণ্ডনৰ ৱেষ্ট মিনিষ্ট্ৰীৰ বিচাৰকৰ আগত এই মন্তব্য কৰিলে বিজয় মালিয়াৰ অধিবক্তাই। উল্লেখযোগ্য যে, কেবাহাজাৰ কোটি টকাৰ ঋণ পৰিশোধ কৰিবলৈ বাকী থকা মালিয়া বৰ্তমান দেশৰ পৰা পলাই গৈ ইংলেণ্ডত আছে। তেওঁক ভাৰতলৈ আনিবলৈ ভাৰত চৰকাৰে চেষ্টা অব্যাহত ৰাখিছে।

৪. বিহাৰৰ মুজাফাপুৰ আদালতে ছলমান খান আৰু ৭জনৰ বিৰুদ্ধে গোচৰ তৰিবৈল নিৰ্দেশ দিছে। এগৰাকী অধিবক্তাই ছলমান খানৰ প্ৰডাকশ্যনত নিৰ্মাণ কৰা 'লভৰাত্ৰি' চিনেমাখনে হিন্দু সকলৰ আৱেগত আঘাত কৰা বুলি এই অভিযোগ তুলি আদালতৰ কাষ চাপিছে।

৫. ইথানলৰ দাম বৃদ্ধি কৰা হৈছে। পূৰ্বতে ইথানৰ মূল্য প্ৰতিলিটাৰত ৪৭.৪৯টকা আছিল। কেন্দ্ৰীয় কেবিনেটে ইথানলৰ মূল্য ৫২.৪৩টকালৈ বৃদ্ধি কৰাত অনুমোদন জনাইছে। কেন্দ্ৰীয় পেট্ৰ'লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে এই মন্তব্য কৰিছে।

৬. এয়াৰ ইণ্ডিয়াৰ নিৰাপত্তা কৰ্মীয়ে বাংলাদেশৰ এখন বিমানৰ পৰা ১০টা সজীৱ গুলী উদ্ধাৰ কৰিছে। কলকাতাৰ নেতাজী সুভাষ চন্দ্ৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত এজন যাত্ৰীৰ পৰা এই কেইটা গুলী উদ্ধাৰ কৰা হৈছে। যাত্ৰীজনক আৰক্ষীক চমজাই দিছে নিৰাপত্তাৰক্ষীয়ে।

৭. আহমেদাবাদত অনশন অব্যাহত ৰাখোৱা পি এ এ এছৰ নেতা হাৰ্দিক পাটেলে তেওঁৰ ১৯ দিনীয়া অনশন সমাপ্ত কৰিছে। পাটিদাৰসকলৰ সংৰক্ষণ আৰু কৃষকসকলক ঋণ দিয়াৰ দাবীত এই অনশন কৰিছিল।

৮. মধ্যপ্ৰদেশৰ এখন থানাত ধৃত অপৰাধীয়ে আক্ৰমণ কৰিছিল দুগৰাকী কৰ্মৰত আৰক্ষীক। যি দৃশ্য বন্দী হৈছিল চিচি টিভি কেমেৰাত। বুধবাৰে তাৰে এগৰাকী আৰক্ষীৰ মৃত্যু হয়। ভিন্দ থানাত সংঘটিত সেই আক্ৰমণত মৃত্যু হোৱা আৰক্ষী কনিষ্ঠবল জনৰ পৰিয়াললৈ মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিঙে ১ কোটি টকা আৰু এটা চৰকাৰী চাকৰি দিয়াৰ ঘোষণা কৰিছে।

৯. এছিয়ান গেমছত জেভলিন থ্ৰ'ত সোণৰ পদক পোৱা নিৰজ কুমাৰৰ পৰৱৰ্তী লক্ষ্য ৯০ মিটাৰ। অলিম্পিকত পদকৰ লক্ষ্যৰে প্ৰস্তুতি আৰম্ভ কৰিছে নিৰজে। দুবছৰ কঠিন পৰিশ্ৰম কৰিব বুলি জনালে খেলুৱৈগৰাকীয়ে।

১০. দিল্লী কমিছন ফৰ ৱ'মেনে দুগৰাকী মহিলাক উদ্ধাৰ কৰিছে। দিল্লীৰ জি বি ৰোডত বিক্ৰী কৰা হৈছিল মহিলা কেইগৰাকীক। দুয়োগৰাকী মহিলাৰ ঘৰ পশ্চিম বংগত।

১১. বিজু জনতা দলৰ পৰা বহিস্কৃত ওড়িশাৰ প্ৰাক্তন মন্ত্ৰী দামোদৰ ৰাউত।

১২. দিল্লীৰ মৰি গেটত বিধ্বংসী অগ্নিকাণ্ড। এজন আহত। কেবাজনো গুৰুতৰভাৱে আহত। আহতসকলক সমীপৱৰ্তী চিকিৎসালয়ত ভৰ্তি।

১৩. স্বয়ম্ভূ গডমেন বাবা অাশু ভাইৰ ৰোহিনী আশ্ৰমত তালাচী অভিযান। দিল্লী আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই চলাইছে এই অভিযান। আশ্ৰমৰ ভিতৰতে এগৰাকী মহিলা আৰু মহিলাগৰাকীৰ ১৬ বছৰীয়া কন্যাক বলাৎকাৰৰ অভিযোগ উত্থাপিত হৈছে বাবাৰ বিৰুদ্ধে।

১৪. দেশ এৰাৰ আগতে বিত্ত মন্ত্ৰী অৰুণ জেটলিক সাক্ষাৎ কৰা বুলি বিজয় মালিয়াই সংবাদ মাধ্যমৰ আগত ঘোষণা কৰাৰ পিছতে মোডী চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে কংগ্ৰেছ। বিত্ত মন্ত্ৰী জেটলিৰ পদত্যাগ দাবী কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীৰ।

১৫. কাশ্মীৰৰ পুলৱামাত সেনা আৰু চিআৰপিএফলৈ লক্ষ্য কৰি সন্ত্ৰাসবাদীৰ গ্ৰেনেড নিক্ষেপ। কথমপি প্ৰাণ ৰক্ষা কেবাজনো জোৱানৰ।

১৬. পৃথিৱীত মানুহ যেতিয়াৰ পৰা আছে তেতিয়াৰ পৰা উৰাবাতৰি আৰু গুজৱ আছে। এতিয়া কেৱল তেনেধৰণৰ ভুৱা খবৰ শ্বেয়াৰ কৰিব পৰা একাধিক নতুন প্লেটফৰ্ম আছে যিবোৰৰ জৰিয়তে সেয়া মুহূৰ্ততে ভাইৰেল হৈ পৰে। ইয়াৰ পৰা হাত সাৰিবলৈ প্ৰতিজন লোক সজাগ হ'ব লাগিব। উৰাবাতৰি সন্দৰ্ভত দিল্লীত এইদৰে কয় ইউৰেছিয়া চেণ্টাৰ এট আটলাণ্টিক কাউন্সিলৰ উপ-সঞ্চালিকা গেইছা গোঞ্জালেজে।

১৭. মুম্বাই বিমান বন্দৰত পুনৰ সোণ জব্দ। প্ৰায় ১ কোটি ৪ লাখ টকা মূল্যৰ সোণসহ ডুবাইৰ পৰা অৱতৰণ কৰা মহম্মদ ঈৰ্ছাদ নামৰ এজনক আটক মুম্বাই আৰক্ষীৰ।

১৮. বাৰাণসীত ধাৰাসাৰ বৃষ্টিপাত। গংগাৰ জলস্তৰ বৃদ্ধি হৈ প্লাৱিত চহৰখনৰ বিস্তীৰ্ণ অঞ্চল। পানীৰ তলত বুৰ গ'ল ৰাজপথ। ব্যাহত যাতায়ত।

১৯. প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ শ্ৰীলংকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি মহিন্দা ৰাজাপাক্ষেৰ। দিল্লীৰ প্ৰধানমন্ত্ৰী কাৰ্যালয়ত মোডীক সাক্ষাৎ কৰে চবুৰীয়া দেশখনৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে।

২০. ২০ বছৰ পূৰ্বৰ গোচৰৰ বাবে জেললৈ যাবলগীয়া হ'ব পাৰে প্ৰাক্তন ক্ৰিকেটাৰ তথা বৰ্তমান পঞ্জাৱৰ কেবিনেট মন্ত্ৰী নৱজোৎ সিং সিদ্ধু। উচ্চতম ন্যায়ালয়ে সিদ্ধুলৈ প্ৰেৰণ কৰিলে কাৰণ দৰ্শোৱাৰ জাননী। গাড়ীৰ পাৰ্কিঙকলৈ হোৱা কাজিয়াৰ পিছত এজন লোকক হত্যাৰ অভিযোগ উত্থাপিত হৈছিল সিদ্ধাুৰ বিৰুদ্ধে।

২১. কেৰালাত আচৰিত পৰিঘটনা। বানৰ পিছতে হঠাৎ তললৈ নামিছে নদীৰ জলস্তৰ। কুঁৱাৰ জলস্তৰো যথেষ্ট হ্ৰাস পোৱাত উদ্বিগ্ন কেৰালাবাসী। বিশেষজ্ঞক বিষয়টো অধ্যয়নৰ দায়িত্ব অৰ্পণ কেৰালা চৰকাৰৰ।

২২. দিল্লীৰ খিৰ্কি মছজিদৰ সমীপত উদ্ধাৰ মধ্যযুগৰ ২৫৪ টাকৈ মুদ্ৰা। ছাফাই কৰি থকা অৱস্থাত উদ্ধাৰ হয় এই মুদ্ৰাবোৰ।

২৩. চীনৰ হেংডং চহৰত পথ দুৰ্ঘটনা। এখন গাড়ীয়ে পথচাৰীক মহতিয়াই নিয়াত থিতাতে নিহত ৯জন, আহত অৰ্ধশতাধিক।

২৪. পাকিস্তানক ৩-১ গ'লত পৰাস্ত কৰি ছাফ কাপ ফুটবলৰ ফাইনেলত ভাৰত। ফাইনেলত ভাৰত মুখামুখি হ'ব মালদ্বীপৰ বিৰুদ্ধে।

২৫. ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাত পৰাস্ত হোৱাৰ পিছত ভাৰতীয় দলটোক উৎসাহ যোগাইছে প্ৰাক্তন ক্ৰিকেটাৰ বীৰেন্দ্ৰৰ সেহৱাগে। টুইটযোগে এতিয়া অষ্ট্ৰেলিয়াৰু বিৰুদ্ধে ভাল ফল দেখুৱাবৰ বাবে সাজু হ'বলৈ আহ্বান একালৰ বিস্ফোৰক বেটছমেনজনৰ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in