বাংলাদেশত মছজিদত বিস্ফোৰণ, শিশুসহ ২৪জন নিহত…

বাংলাদেশত মছজিদত বিস্ফোৰণ, শিশুসহ ২৪জন নিহত…

ডিজিটেল ডেস্কঃ বাংলাদেশৰ ৰাজধানী ঢাকাৰ সমীপৰ নাৰায়ণগঞ্জ এলেকাৰ এটা মছজিদত সংঘটিত হৈছে বিস্ফোৰণৰ ঘটনা। গেছ নিৰ্গত হোৱাৰ বাবে মছজিদটোৰ ৬টা এয়াৰ কণ্ডিছনাৰ অৰ্থাৎ এ চিত সংঘটিত হয় এই এই বিস্ফোৰণ। ভয়ংকৰ বিস্ফোৰণত এটি শিশুসহ ২৪জনকৈ লোকৰ মৃত্যু হোৱাৰ লগতে গুৰুতৰভাৱে আহত হয় আন ২০জনকৈ লোক।

নাৰায়ণগঞ্জ মধ্য জিলাস্থিত বেতুল সলাত মছজিদত সংঘটিত হয় এই বিস্ফোৰণৰ ঘটনা। যদি এই বিস্ফোৰণ কোনো লোকৰ হেমাহীৰ বাবে সংঘটিত হৈছে তেন্তে তদন্ত আৰম্ভ কৰা হ'ব। ইফালে, দেশখনৰ প্রধানমন্ত্ৰী শ্বেখ হাছিনাই এই ঘটনাক লৈ চিন্তা ব্যক্ত কৰিছে। লগতে আহতসকলক উন্নত চিকিৎসা প্ৰদানৰ নিৰ্দেশ দিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in