২২ জুনৰ পৰা অম্বুবাচী মেলা, অন্যবাৰৰ দৰে কামাখ্যা ৰে’ল ষ্টেচনত এইবাৰ নাথাকিব শিবিৰ…

২২ জুনৰ পৰা অম্বুবাচী মেলা, অন্যবাৰৰ দৰে কামাখ্যা ৰে’ল ষ্টেচনত এইবাৰ নাথাকিব শিবিৰ…

ডিজিটেল ডেস্কঃ অগণন ভক্তৰ সমাগমে পুণৰ উদুলি-মুদুলি হব নীলাচলৰ কামাখ্যা মন্দিৰ। অহা ২২ জুনৰ পৰা ২৬ জুনলৈ অনুষ্ঠিত হ'ব অম্বুবাচী মেলা। ২২জুনত সোণাৰাম খেলপথাৰত অনুষ্ঠিত হব মেলাৰ উদ্বোধনী অনুষ্ঠান। বলিউদৰ জনপ্ৰিয় কণ্ঠশিল্পী কৈলাশ খেৰে ২২জুনত উদ্বোধন কৰিব অনুষ্ঠান।

কামৰূপ মহানগৰৰ উপায়ুক্ত বিশ্বজিৎ পেগুয়ে সংবাদমাধ্যমক জনোৱা মতে পূৰ্বতকৈ এইবাৰ হ্ৰাস কৰা হৈছে ভক্তৰ শিবিৰ। ভক্তসকলৰ বাবে ৪টা শিবিৰ ঘোষণা কৰিছে জিলা প্ৰশাসনে। অন্যবাৰৰ দৰে কামাখ্যা ৰে'ল ষ্টেচনত এইবাৰ নাথাকিব শিবিৰ।ফাঁচীবজাৰ পুৰণি জেল ৰোডত থাকিব ভক্তসকলৰ বৃহত্‍ শিবিৰ। মেলাৰ সৈতে সংগতি ৰাখি এইবাৰ নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰা হ'ব বুলি জানিবলৈ দিয়ে উপায়ুক্ত বিশ্বজিৎ পেগুয়ে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in