২০তম সৰ্ব ভাৰতীয় জোহোলাও বালিৰাম বড়ো স্বৰ্ণকাপ ফুটবল খেলৰ শুভাৰম্ভনি…

২০তম সৰ্ব ভাৰতীয় জোহোলাও বালিৰাম বড়ো স্বৰ্ণকাপ  ফুটবল খেলৰ শুভাৰম্ভনি…

ডিজিটেল সংবাদ ,হৰিশিঙা : যোৱা সোমবাৰৰে পৰা ওদালগুৰি জিলাৰ ৰবি কছাৰী মিনি ষ্টেডিয়াম, হৰিশিঙাত ২০ তম্ সৰ্ব্ব ভাৰতীয় জোহোলাও বালিৰাম বড়ো স্বৰ্ণ কাপ ফুটবল টুৰ্নামেন্টৰ আনুষ্ঠানিক ভাবে শুভাৰম্ভ হয় ।

হৰিশিঙা ক্ৰীয়া সন্থা আৰু হৰিশিঙা এৱছুৰ উদ্যোগত অনুষ্ঠিত হোৱা খেলখনৰ শুভ উদ্ধোধন কৰে এবছুৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক খোৰোমদাও ৱাৰিয়ে। উক্ত অনুষ্ঠানত উপস্থিত থাকে প্ৰাক্তন সাংসদ চানচুমা খুংগুৰ বিচমুঠিয়াৰি ,জিলা এবছুৰ সভাপতিকে আদি বিভিন্ন দল সংগঠনৰ নেতা সকল ।

উদ্ধোধনী খেলখন কবিৰালি আদিবাসী এফ চি আৰু চানৰাইজ স্পৰ্টচ ক্লাবৰ মাজত অনুষ্ঠিত হয়। কবিৰালী এফ চিৰ হৈ জিতু বাস্কে ১ টা গ'ল দি ১-০ ৰ ব্যৱধানত কবিৰালী আদিবাসী এফ চিয়ে জয়লাভ কৰে ।

আনহাতে ‍উক্ত বালিৰাম বড়ো স্বৰ্ণ কাপ ফুটবল টুৰ্নামেন্টত ৰাজ্যখনৰ লগতে বহি:ৰাজ্যৰো কেইবাটাও দলে অংশগ্ৰহন কৰিব বুলি খেল পৰিচালনা সমিতিৰ উপ সভাপতি নিজমচা বড়োৱে জানিবলৈ দিয়ে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in