জোনাইত AJYCP ৰ বিংশতিতম অধিৱেশনঃ মাংগলিক, সাংস্কৃতিক অনুষ্ঠানৰ মাজেৰে লাইখুঁটা স্থাপন…

জোনাইত AJYCP ৰ বিংশতিতম অধিৱেশনঃ মাংগলিক, সাংস্কৃতিক অনুষ্ঠানৰ মাজেৰে লাইখুঁটা স্থাপন…

ডিজিটেল সংবাদ জোনাইঃ ১৯৭৮ চনৰ ১২ মাৰ্চত প্রতিষ্ঠা হোৱা অসমৰ অন্যতম জাতীয় সংগঠন অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ বিংশতিতম জোনাই দ্বি-বাৰ্ষিক সাধাৰণ অধিৱেশনৰ লাইখুঁটা আজি জোনাই গান্ধী ময়দানত স্থাপন কৰা হয়। উল্লেখযোগ্য যে, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিৰ বিংশতিতম দ্বি-বাৰ্ষিক সাধাৰণ অধিৱেশনখন জোনাই আঞ্চলিক সমিতিৰ আতিথ্যত অহা ১৬ আৰু ১৭ জুলাইত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ইয়াৰ গান্ধী ময়দানত অনুষ্ঠিত হ'ব।

তদুপলক্ষে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিৰ এই দ্বি-বার্ষিক অধিৱেশনৰ লাইখুঁটা আজি আনুষ্ঠানিকভাৱে অভ্যৰ্থনা সমিতিৰ মুখ্য উপদেষ্টা তথা মুৰ্কংচেলেক মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষা ড০ সুখলতা ফুকন গগৈৰ দ্বাৰা স্থাপন কৰে। লাইখুঁটা স্থাপন অনুষ্ঠানত অভ্যৰ্থনা সমিতিৰ সভাপতি তথা জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ প্ৰতাপ চন্দ্ৰ পাৱ, কাৰ্যকৰী সভাপতি ৰয়েল পেগু, সাধাৰণ সম্পাদক নীল গগৈ, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিৰ সভাপতি জ্ঞান শৰ্মা, সাধাৰণ সম্পাদক বিষ্ণু শৰ্মা, জোনাই আঞ্চলিক সমিতিৰ সভাপতি খগেন ডেকা আৰু সম্পাদক ৰত্নেশ্বৰ মিৰি, গায়ন-বায়ন, বিহু হুঁচৰি দল, মিচিং গুমৰাগ দলৰ লগতে অভ্যৰ্থনাৰ বিভিন্ন উপ-সমিতিৰ বিষয়ববীয়া, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ বহু নেতা-কৰ্মী আৰু ৰাইজে উপস্থিত থাকে।

উল্লেখযোগ্য যে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিৰ অধিৱেশনখন সফলতাৰে অনুষ্ঠিত কৰিবলৈ ইতিমধ্যে মূল অভ্যৰ্থনা সমিতিৰ লগতে বিত্তীয়, সংস্কৃতিক, স্মৃতিগ্ৰন্থ, খাদ্য, প্ৰচাৰ, অতিথি আপ্যায়ন, ব্যৱস্থাপনা, সম্বৰ্ধনা, পানী যোগান, স্বাস্থ্য, মঞ্চ আৰু তোৰণ, পৰিবহন, স্বেচ্ছাসেৱক, প্ৰতিযোগিতা আদি বিভিন্ন উপ-সমিতি গঠন কৰি কৰি প্ৰস্তুতিৰ পৰ্ব চলাই নিছে।

অধিৱেশনৰ ইতিমধ্যে ঘোষিত কাৰ্যসূচী মতে ১৬ জুলাইৰ পুৱা ৭ বজাত সমূহীয়া চাফাই অভিযানৰ পিছত বৃক্ষ ৰোপণেৰে কাৰ্যসূচী শুভাৰম্ভ কৰা হ'ব। ইপিনে পুৱা ১০ বজাত পতাকা উত্তোলন আৰু ছহিদ তৰ্পণৰ পিছত সতীৰ্থ স্মৰণ অনুষ্ঠান অনুষ্ঠিত কৰা হ'ব।

দিনৰ ১১ বজাত মূল তোৰণ আৰু মঞ্চ উদ্বোধন কৰাৰ পিছত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চিত্ৰাংকণ আদি প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ব। দিনৰ ১২ বজাত প্রতিনিধি সভা আৰু সন্ধিয়া স্মৃতিগ্ৰন্থ উন্মোচন, ধেমাজি জিলাৰ সমাজ জীৱনলৈ বিশেষ অবদানৰ আগবঢ়োৱাৰ বাবে ড০ বিদ্যেশ্বৰ দলে, ড০ শংকৰ পিটোৱাৰী আৰু সূৰ্য্য বৰুৱাক বিশেষ সম্বৰ্ধনা জনোৱাৰ লগতে স্থানীয় শিল্পীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হ'ব।

ইপিনে ১৭ জুলাইত পুৱা ১১ বজাৰ পৰা সাংস্কৃতিক সমাৰোহ অনুষ্ঠিত হ'ব। সাংস্কৃতিক সমাৰোহ উদ্বোধন কৰিব ধেমাজি জিলাৰ উপায়ুক্ত অসীম কুমাৰ ভট্টাচাৰ্যই। সন্ধিয়া অৱসৰপ্ৰাপ্ত খণ্ড প্রাথমিক শিক্ষা বিষয়া দিলীপ গগৈৰ দ্বাৰা বন্তি প্ৰজ্বলনৰ পিছত মুকলি সভা অনুষ্ঠিত কৰা হ'ব।

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক পলাশ চাংমায়ে উদ্বোধন কৰিব লগীয়া মুকলি সভাত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি ৰাণা প্ৰতাপ বৰুৱাই মুখ্য অতিথি আৰু পৰিষদৰ সহকাৰী সাধাৰণ সম্পাদক ৰাতুল বৰগোহাঁই, সাংস্কৃতিক সম্পাদক দেৱজিৎ‍ দাস, ড০ বুধিন্দ্ৰ বৰুৱা, ড০ হৰকান্ত পেগু, জোনাই মহকুমাধিপতি প্ৰদীপ কুমাৰ দ্বিবেদী, টি এম পি কেৰ সভাপতি ৰাজকুমাৰ মৰাং, আটাছুৰ মুখ্য উপদেষ্টা দুলাল বৰুৱা, ধেমাজি জিলা ছাত্ৰ সন্থাৰ সভাপতি দীপক শৰ্মা, সদৌ অসম অনুসূচীত জাতি ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক দেৱ দাস, চুবুৰীয়া অৰুণাচল প্ৰদেশৰ এল বি এছ ইউৰ সভাপতি ৰয়েল পাংগিং, সম্পাদক ডেভিদ চিৰাম, এ ই এছ ডি এছ ইউৰ সভাপতি অয়িন য়চুং, সম্পাদক তনং দাৰাঙৰ লগতে বহু বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব।

নিশা ধেমাজি জিলাৰ আৰক্ষী অধীক্ষক ৰঞ্জন ভূঞাই উদ্বোধন কৰিবলগা সাংস্কৃতিক অনুষ্ঠানত জুবিন গাৰ্গে গীত পৰিবেশন কৰিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in