ভাৰতত অনুষ্ঠিত হ'ব অলিম্পিক…
ডিজিটেল ডেস্কঃ সমাগত অলিম্পিক। আগন্তুক ২৩ জুলাইৰ পৰা ৮ আগষ্টলৈ জাপানৰ টকিঅ' চহৰত অনুষ্ঠিত হ'ব অলিম্পিক প্ৰতিযোগিতা। ২০২০ চনতেই এই মেগা ইভেণ্টখন অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও কৰোনা মহামাৰীৰ সংক্ৰমণৰ বাবে এবছৰ পিছুৱাই দিবলগীয়া হ'ল অলিম্পিক প্ৰতিযোগিতাখন। ইতিমধ্যে অলিম্পিকৰ সকলো প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ পৰিছে। ইয়াৰ সমান্তৰালভাৱে পৰৱৰ্তী দুখন অলিম্পিকৰ প্ৰস্তুতিও ইতিমধ্যে আৰম্ভ কৰিছে আয়োজকসকলে। ২০২৪ চনত অলিম্পিক প্ৰতিযোগিতা অনুষ্ঠিত হ'ব ফ্ৰান্সৰ পেৰিছ চহৰত। আনহাতে ২০২৮ চনৰ অলিম্পিক অনুষ্ঠিত হ'ব লছ এঞ্জেলেছত। ইয়াৰ পৰবৰ্তী অলিম্পিক ২০৩২ চনত ক'ত অনুষ্ঠিত হ'ব সেয়া এতিয়াও ঠিক হোৱা নাই। কিন্তু ২০৩৬ চনৰ অলিম্পিকৰ বাবে প্ৰস্তুতি ইতিমধ্যে আৰম্ভ হৈছে।
যদিও আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটিয়ে এতিয়াও ২০৩২ আৰু ২০৩৬ অলিম্পিক আয়োজনৰ স্বত্ব কোনো এখন দেশকে প্ৰদান কৰা নাই তথাপিও ২০৩৬ চনৰ অলিম্পিকৰ বাবে প্ৰস্তুতি আৰম্ভ হৈছে। ২০৩৬ চনৰ অলিম্পিকৰ এই প্ৰস্তুতি আৰম্ভ হৈছে এইখন ভাৰতৰে এটা প্ৰান্তত।
হয়, ২০৩৬ চনৰ অলিম্পিকৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে ভাৰতে। অলিম্পিক প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিবলৈ আৰম্ভ কৰিছে আন্তঃগাঁথনি উন্নয়নৰ কাম। ২০৩২ চনৰ অলিম্পিক ক'ত অনুষ্ঠিত হ'ব সেয়া আগন্তুক মাহত চূড়ান্ত কৰিব আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটিয়ে। কিন্তু ইয়াৰ পূৰ্বেই ২০৩৬ চনৰ অলিম্পিকৰ প্ৰস্তুতিত মনোনিবেশ কৰিছে ভাৰতে। ইতিমধ্যে গুজৰাটৰ আহমেদাবাদ আৰু গান্ধীনগৰত অলিম্পিকৰ বাবে সকলোধৰণৰ আন্তঃগাঁথনি নিৰ্মাণৰ কাম আৰম্ভ কৰিছে। আহমেদাবাদ মহানগৰ বিকাশ প্ৰাধিকৰণে মঙ্গলবাৰে অলিম্পিক মানৰ ক্ৰীড়া আন্তঃগাঁথনি আৰু অন্যান্য আন্তঃগাঁথনি নিৰ্মাণৰ বাবে নিবিদা আহ্বান কৰিছে।
উল্লেখ্য যে ২০৩৬ চনৰ অলিম্পিক প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ ভাৰতে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটিৰ বিদত অংশগ্ৰহণ কৰিব। প্ৰতিযোগিতাখন ভাৰতৰ হাতৰ পৰা যাতে কোনো কাৰণতে উলাই নাযায় তাৰ বাবে এতিয়াৰে পৰা সকলোধৰণৰ আন্তঃগাঁথনি উন্নয়নৰ কাম আৰম্ভ কৰাৰ প্ৰচেষ্টা হাতত লৈছে।