শেহতীয়া খবৰ
এতিয়াও সন্ধানহীন কলিয়াভোমোৰা দলঙত দুৰ্ঘটনাত পতিত হোৱা ট্ৰাকৰ হেণ্ডিমেন...  •  বাক্সাৰ খাগ্ৰাবাৰীত ভালুক উদ্ধাৰ...  •  দুটা পকা অমিতাৰ ওজন ৬ কেজি ১০০গ্ৰামঃ শিক্ষিত যুৱ খেতিয়কে দেখুৱাইছে স্বাৱলম্বিতাৰ নিদৰ্শন...  •  হু ইজ প্ৰদীপ দত্ত ৰায়?  •  কৃষি খণ্ডৰ বিকাশৰ বাবে কৃষকৰ মাজত উন্নত মানৰ আলুৰ বীজ বিতৰন...  •  কৃষি মন্ত্ৰী অতুল বৰাৰ সমষ্টিত জীপাল কৃষক-শ্ৰমিক সংঘৰ অৱস্থান ধৰ্মঘট..  •  মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত অগ্নিকাণ্ড...  •  ২৫৩ বছৰে অুষ্ঠিত হৈ আহিছে ন-লগোৱা উৎসৱঃ ১০-১১ আঘোণতো পৰম্পৰা ৰক্ষা কৰি অনুষ্ঠিত হ'ব এই উৎসৱ...  •  ১১৮ বছৰীয়া শিক্ষানুষ্ঠানৰ উচুপনি শুনে কোনে? খালী হৈ আছে ৩৩ টা পদ, ছাত্ৰ-ছাত্ৰীৰ ছান্দা তুলি ভাড়াতীয়া শিক্ষকৰ জৰিয়তে পাঠগ্ৰহণ...  •  ১১৮ বছৰীয়া শিক্ষানুষ্ঠানৰ উচুপনি শুনে কোনে? খালী হৈ আছে ৩৩ টা পদ, ছাত্ৰ-ছাত্ৰীৰ ছান্দা তুলি ভাড়াতীয়া শিক্ষকৰ জৰিয়তে পাঠগ্ৰহণ...

২০২২ বৰ্ষত কিমান দিনৰ বাবে বন্ধ থাকিব চৰকাৰী কাৰ্যালয়, পঢ়ক সম্পূৰ্ণ তালিকা…

ডিজিটেল ডেস্কঃ ৰাজ্য চৰকাৰে ২০২২চনত সকলো চৰকাৰী কাৰ্যালয়সমূহ কোন কোন তাৰিখে বন্ধ থাকিব তাৰ এক তালিকা প্ৰকাশ কৰিছে। জানুৱাৰী, ২০২২ৰ পৰা ডিচেম্বৰ, ২০২২লৈ চৰকাৰী কাৰ্যালয়সমূহ ৩৪দিন সম্পূৰ্ণ বন্ধ থাকিব বুলি জনোৱা হৈছে এই তালিকাৰ দ্বাৰা।

ইফালে, ৯ আগষ্ট, ২০২২ত মহৰাম আৰু ৯ অক্টোবৰ, ২০২২ত লক্ষ্মী পূজাৰ বাবে চৰকাৰী কাৰ্যালয়সমূহত অৰ্ধ ছুটী দিয়া হ’ব কৰ্মচাৰীসকলক। আনহাতে, পাব্লিক হলী ডে আছে ১৮দিন সম্পূৰ্ণ বছৰটোত। তদুপৰি ১ এপ্ৰিল, ২০২২ (শুকুৰবাৰ) দিনটোত থাকিব বেংক বন্ধ।

উল্লেখ্য যে, এই তালিকাখনত উল্লেখ কৰা হৈছে যে প্ৰতিটো মাহৰ দ্বিতীয় আৰু চতুৰ্থ শনিবাৰে বন্ধ থাকিব কাৰ্যালয়সমূহ। ইফালে, বছৰটোৰ ৩১দিন থাকিব সংৰক্ষিত বন্ধ হিচাপে। তদুপৰি প্ৰশাসনিক বিভাগসমূহে এই বন্ধসমূহৰ উপৰিও আৰু দুটা দিন অতিৰিক্ত বন্ধ হিচাপে ল’ব পাৰে যদিও তাৰ বাবে মুখ্যমন্ত্ৰীৰ মঞ্জুৰিৰ প্ৰয়োজন হ’ব।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি