২০২১ ৰ নিৰ্বাচন ৰাৱণৰূপী বিজেপিক বিদায় দিয়াৰ নিৰ্বাচন: বিধায়ক জাকিৰ হুছেইন শিকদাৰ…

২০২১ ৰ নিৰ্বাচন ৰাৱণৰূপী বিজেপিক বিদায় দিয়াৰ নিৰ্বাচন:  বিধায়ক জাকিৰ হুছেইন শিকদাৰ…

ডিজিটেল সংবাদ, চেঙা: সৰুক্ষেত্ৰী সমষ্টিৰ পিঠাদি পামত শনিবাৰে সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰে শুভাৰম্ভ কৰে এখন এম্বুলেঞ্চ বাহনৰ সেৱা। বিধায়ক উন্নয়ন পূঁজিৰ ২০১৭-১৮ বিত্তীয় বৰ্ষৰ ৭ লাখ টকা অনুদানেৰে ক্ৰয় কৰা এম্বুলেঞ্চ বাহনখন আনুষ্ঠানিক ভাৱে মুকলি কৰে বিধায়কগৰাকীয়ে। সমষ্টিটোৰ পিছপৰা অঞ্চল পিঠাদি পামৰ দীৰ্ঘদিনীয়া সমস্যা আছিল এম্বুলেঞ্চ সেৱা।

বিধায়কগৰাকীয়ে ৰাইজৰ সেৱাত উচৰ্গা কৰিছে এই এম্বুলেঞ্চ সেৱা।ড্ৰীমলেণ্ড ৰুৰেল ডেভলপমেন্ট ছ'ছাইটিৰ তত্বাৱধানত এম্বুলেঞ্চ বাহনখন থাকিব বুলি জানিব পৰা গৈছে। এম্বুলেঞ্চ সেৱা শুভাৰম্ভ সন্দৰ্ভত পিঠাদি পামত ড্ৰীমলেণ্ড ৰুৰেল ডেভলপমেন্ট ছছাইটিৰ উদ্যোগত অনুষ্ঠিত হয় এখন মুকলি সভা। ছছাইটিটোৰ সম্পাদক নজৰুল ইছলামে উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত সভাপতিত্ব কৰে পিঠাদি হাইস্কুলৰ প্ৰধান শিক্ষক নুৰুল ইছলামে।

উদ্বোধনী ভাষণ প্ৰদান কৰে ভক্তৰডবা আদৰ্শ চিকিৎসালয়ৰ উপ অধীক্ষক ডাঃ শশাংক তালুকদাৰে। সভাখনত মুখ্য অতিথি হিচাপে সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰে উপস্থিত থাকি ভাষণ প্ৰসংগত কয় যে-" মই বিধায়ক হোৱা কাৰ্যকালত সমষ্টিটোত যিমানবোৰ উন্নয়নমূলক কাম কৰিছোঁ তাৰ ভিতৰত এম্বুলেঞ্চ সেৱা মুকলি কামটো আটাইতকৈ বেছি ভাল কাম বুলি ভাবিছোঁ। বৃহত্তৰ এই অঞ্চলৰ ৰাইজ এম্বুলেঞ্চ সেৱাৰ জৰিয়তে উপকৃত হ'ব বুলি আশা কৰিছোঁ।"

বিধায়কগৰাকীয়ে পুনৰ কয় যে- বিধায়ক এগৰাকীয়ে এখন দলং বনাব পাৰে, এটা ৰাস্তা বনাব পাৰে, এখন চিকিৎসালয় নিৰ্মাণ কৰিব পাৰে কিন্তু বিধায়কে সমাজ পৰিবৰ্তন কৰিব নোৱাৰে; পিতৃ-মাতৃ- অভিভাৱকেহে এখন সমাজ পৰিবৰ্তন কৰিব পাৰে ।পিতৃ- মাতৃয়ে নিজৰ সন্তানক সুশিক্ষিত কৰি এগৰাকী প্ৰকৃত মানুহ হিচাপে গঢ় দিব লাগে, তেতিয়াহে সমাজৰ ভাল পৰিবৰ্তন হ'ব। বৰ্তমান সময়ত যুৱ প্ৰজন্মৰ একাংশই মদ-ভাং, নিচাজাতীয় দ্ৰব্যৰ প্ৰতি ভয়াবহ ভাবে আসক্ত হৈ পৰিছে। এইবোৰ আমি সমাজৰ পৰা নাইকিয়া কৰিব লাগিব।

" ২০২১ৰ বিধানসভাৰ নিৰ্বাচন সন্দৰ্ভত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত বিধায়কগৰাকীয়ে কয় যে-" ২০২১ৰ নিৰ্বাচন ভাৰতীয় জাতীয় কংগ্ৰেছৰ চৰকাৰ গঠনৰ নিৰ্বাচন নহয়; ৰাৱণৰূপী বিজেপিক অসমৰ পৰা বিদায় দিয়াৰ নিৰ্বাচন। অসম আৰু অসমীয়া জাতিৰ লগত প্ৰতাৰণা কৰা ,বিশ্বাসঘাতকতা কৰা বিজেপি দলক বিদায় দিব লাগে। বিজেপি নেতৃত্বাধীন চৰকাৰখনে ৮০শতাংশ নিৰ্বাচনী প্ৰতিশ্ৰুতি ৰক্ষা কৰিব পৰা নাই, তেওঁলোকে উন্নয়নৰ কোনো তালিকা লৈ ২০২১চনৰ নিৰ্বাচনত ৰাইজৰ মাজলৈ যাবলৈ সাহস নাই বাবে অসমত মোগলৰ যুঁজ আৰু বদৰুদ্দিন আজমল মুখ্যমন্ত্ৰী হ'ব বুলি কৈ ৰাজনীতি কৰি আছে। ২০১৬ চনৰ নিচিনাকৈ বিজেপিয়ে এইবাৰ বজাৰত টেঙা আম বিক্ৰী কৰিব নোৱাৰে । ৰাইজ বুজি উঠিছে। বিজেপিৰ ভৰিৰ তলৰ মাটি নোহোৱা হৈছে।"

উক্ত সভাতেই চিকিৎসা শিক্ষাৰ বাবে অনুষ্ঠিত সৰ্বভাৰতীয় বাচনি পৰীক্ষাত ৭২০ নম্বৰৰ ভিতৰত ৫৪৫নম্বৰ লাভ কৰি সৰুক্ষেত্ৰী সমষ্টিলৈ সুনাম কঢ়িয়াই অনা কাৱৈমাৰীৰ ১০নং ব্লকৰ দৰিদ্ৰ পৰিয়ালৰ মেধাৱী ছাত্ৰ ৰাজিবুল ইছলামক বিধায়কগৰাকীয়ে সম্বৰ্ধনা জ্ঞাপন কৰে।সভাখনত বিশিষ্ট অতিথি হিচাপে বৰপেটা জিলাৰ অতিৰিক্ত উপায়ুক্ত নৱজিৎ পাঠকৰ উপৰিও কেইবাগৰাকী বিশিষ্ট লোক উপস্থিত থাকি ভাষণ প্ৰদান কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in