চতুৰ্থ বাৰলৈ চেন্নাইৰ স্বপ্নভংগ মুম্বাই ইণ্ডিয়ানৰ…

চতুৰ্থ বাৰলৈ চেন্নাইৰ স্বপ্নভংগ মুম্বাই ইণ্ডিয়ানৰ…

ডিজিটেল ডেস্কঃঅধিনায়ক ৰোহিত শৰ্মাৰ নেতৃত্বত মুম্বাই ইণ্ডিয়ানছ চতুৰ্থ বাৰৰ বাবে আইপিএলৰ চেম্পিয়ন হয়। দেওবাৰে অনুষ্ঠিত হোৱা আই পি এ-২০১৯ ফাইনেল মেচখনত চেন্নাই ছুপাৰকিংছ ১ ৰানৰ ব্যৱ্ধানত পৰাস্ত হয়। আৰু আইপিএল ২০১৩, ১০১৫, ২০১৭ আৰু ২০১৯ ছিজনৰ খিতাপ দখল কৰে। মহেন্দ্ৰ সিং ধোনীৰ নেতৃত্বৰ দল ছেন্নাইয়ে বৰ্তমানলৈ আই পি এলৰ তিনিটা ছিজনৰ খিতাপ দখল কৰি দ্বিতীয় স্থানত আছে।

আইপিএল-২০১৯ৰ ফাইনেল মেচখনত হায়দৰাবাদত অনুষ্ঠিত হৈছিল। এই মেচখনত টছ জিকি মুম্বাই-য়ে প্ৰথমে বেটিঙৰ সিদ্ধান্ত লয়। অৱশ্যে মুম্বাই ইণ্ডিয়ানছ জয়ী হয় যদিও, বহু বেছি ৰানৰ টাৰ্গেট দিবলৈ সক্ষম নহয়। মাত্ৰ ১৪৯ ৰান কৰি মুম্বাইয়ে নিজৰ ইনিংছ সামৰে। দলটোৱে ৮ টা উইকেটৰ বিনিময়ত কৰে এই ৰান। ইফালে, চেন্নায়ে ১৪৮ ৰান ৭ টা উইকেটৰ বিনিময় কৰি মাত্ৰ ১ ৰানৰ বাবে পৰাস্ত হয়।

ফাইনেল মেচখনত জয়ী হোৱাৰ পাছত মুম্বাই ইণ্ডিয়ানছৰ অধিনায়কৰোহিত শৰ্মাই কয় যে, তেওঁলোকে যদিও জয়ী হ'ল এই মেচখনত, কিন্তু চেন্নাইয়ো বহু ভালখেলিছিল। দুয়োটা দলৰ প্ৰতিজন খেলুৱৈ নিজৰ নিজৰ দলক জয়ী কৰিবলৈ পাৰ্যমানে চেষ্টা কৰিছিলআৰু ভাল প্ৰদৰ্শন কৰিছিল।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in