২০১৮ক বিদায়ৰ লগতে ২০১৯ত বিদায় দিয়ক ৮ অভ্যাস…

২০১৮ক বিদায়ৰ লগতে ২০১৯ত বিদায় দিয়ক ৮ অভ্যাস…

আহি আছে ২০১৯। নতুন বছৰ আদৰিবলৈ আৰুনো কেইটা দিন। মাজত দুটা সপ্তাহো নাই। কি ভাবিছে নতুন বছৰক লৈ? কি নতুন পৰিকল্পনা কৰিব নতুন বছৰটোত। আন কৰিব নোৱাৰিলেও ৮টা কাম আপুনি কৰিব পাৰে। কি সেই কাম? সাজু হওঁক আজিয়েই। 'অসমীয়া প্ৰতিদিন'ৰ ডিজেটেল ডেস্কৰ এক বিশেষ প্ৰতিবেদন।

অভ্যাস। অভ্যাস ভাল বা বেয়া হ'ব পাৰে। কিছুমান অভ্যাসে আপোনাক দীৰ্ঘজীৱন দিয়ে আৰু কিছুমান অভ্যাসে আপোনাৰ পৰা কাঢ়ি নিয়ে সময়। নতুন বছৰৰ মানে সংকল্পৰ সময়। নতুন বছৰটোত আপুনি ৮টা বেয়া অভ্যাস বাদ দিব পাৰে। ২০১৮ৰ লগতে বাদ দিয়ক সেই কু-অভ্যাস। নতুনকৈ সজাই তোলক জীৱন। এই ৮টা অভ্যাস যদি আপোনাৰ আছে, তেন্তে আজিয়েই দৃঢ় হওঁক। গুড বাই দিয়ক সেই কু-অভ্যাসবোৰক। কিন্তু কি কি সেইবোৰ?

১. ধূম্ৰপানঃ 

চিগাৰেট আপুনি খাই নেকি? চিগাৰেট হুপাৰ আগতে আপুনি পেকেটটোত থকা সাৱধানবাণী পঢ়েনে? আপুনি সতৰ্ক-সচেতন। সমাজৰ প্ৰতি আপোনাৰ আছে গভীৰ আস্থা আৰু দায়িত্ববোধ। কিন্তু জানেনে? আপুনি খোৱা চিগাৰেটটোৱে কেৱল আপোনাকে হানি নকৰে। কাষত থকা আন লোককো অনিষ্ট কৰে চিগাৰেটে। আপোনাৰ দেহত চিগাৰেটে কি সমস্যাৰ সৃষ্টি কৰিব পাৰে সেয়া আপুনি জানে। তাৰপাছতো আপুনি হুপে চিগাৰেট। দীৰ্ঘদিন ধৰি আপুনি যদি চিগাৰেট খাই আহিছে, তেন্তে কিয় এই নতুন বছৰটোত নতুন সংকল্প নলয়? 'বাদ দিম চিগাৰেট'- এই সিদ্ধান্তই আপোনাক নতুন বছৰত নতুন ধৰণে জীয়াই থকাৰ অনুপ্ৰেৰণা দিব। আনৰ বাবে আপুনি আদৰ্শ হৈ উঠিব। তেন্তে কিয় নলয় এনে সিদ্ধান্ত? কিয় বাদ নিদিব চিগাৰেট হুপা এই বদ অভ্যাস।

২. সুৰাপানঃ

'শ্বেয়াৰছ! খুব জমেগা ৰং, যব মিল বেথেংগে হম…'- তেনে ক'ত কথা-বতৰাৰে জমি উঠে পাৰ্টী। ৰঙীণ সুৰাৰ দৰে ৰঙীণ হৈ উঠে জীৱন। কিন্তু কিমান সময়ৰ বাবে? সুখতো সুৰা, দুখতো সুৰা। সুৰা নহ'লে নচলে জীৱন। কিন্তু সুৰাপান দেহৰ বাবে লাভজনক হয়নে? সুৰাপানে তিল তিলকৈ ঠেলি দিয়ে মৃত্যুলৈ। এইবোৰ সকলোৱে জনা কথা। তাৰপাছতো সুৰা নহ'লে আনন্দ-ফূৰ্তি নহয় বুলি ভবা সকলে নতুন বছৰক আদৰাৰ প্ৰাক্ মুহূৰ্তত নিজকে সোধক- সুৰাই কি দিলে জীৱনত? কিয় আপুনি সেৱন কৰে সুৰা? আছে জানো কিবা উত্তৰ? নোৱাৰিনে বাদ দিব নতুন বছৰত এই বেয়া অভ্যাস? যদি আছে সুৰাপান কৰাৰ অভ্যাস, তেন্তে ২০১৯ৰ পৰাই আপুনি বাদ দিয়ক সুৰাপান কৰাতো। মুহূৰ্তৰ ৰঙীণ সময়ে অন্ধকাৰ কৰিব পাৰে সমগ্ৰ জীৱন।

৩. ম'বাইল মেনিয়াঃ

ফোনটো নহ'লে নচলে জীৱন। ফোনটেই বন্দী মন-প্ৰাণ। স্মাৰ্ট ফোনে বহুতৰে সময় নষ্ট কৰে। আন কামলৈ ধাউতি নাথাকে। ভাল ফল যেনেদৰে আছে, বেয়া ফলো আছে এই স্মাৰ্ট ফোনটোৰ। হকে-বিহকে যদি আপুনি টিপি থাকে আপোনাৰ ফোনটো, তেন্তে আপোনাৰ প্ৰয়োজনীয় কামবোৰ কৰিব কোনে? স্মাৰ্ট ফোনত অত্যাধিক সময় দিয়াটো আপোনাৰ বাবে এটা বেয়া অভ্যাস। ই এক নিচা। তেন্তে কিয় এৰি নিদিয়ে এই অভ্যাস। প্ৰয়োজনত ব্যৱহাৰ কৰক ফোনটো। অনাহকত কিয় লাগি থাকে ফোনটোতেই। ২০১৯ত আপুনিও বাদ দিব পাৰে এই বদ-অভ্যাস।

৪. য'তে-ত'তে জাৱৰ-জোথৰঃ

আপোনাৰ ব্যৱহাৰেই আপোনাৰ পৰিচয়। আপুনি  কিমান ভদ্ৰ, আপোনাৰ কিছু অভ্যাসে আপোনাৰ পৰিচয় দিয়ে। কেৱল ঘৰখন চফা কৰি থ'লে কি হ'ব? ঘৰৰ জাৱৰবোৰ যদি পেলাই দিয়ে বাটে-পথে, কোন পথেৰে গৈ আপুনি ঘৰ সোমাব? বহুতৰেই আছে এনে বদ-অভ্যাস। চাফ-চিকুণ কৰি ৰাখে নিজৰ ঘৰখন। কিন্তু ঘৰৰ পৰা ওলায়ে দলিয়াই দিয়ে জাৱৰৰ টোপোলা। এই বদ-অভ্যাসো আপুনি ২০১৯তেই ত্যাগ কৰিবলৈ সংকল্প লওঁক।

৫. সময়ত খাদ্যঃ

দেহা থাকিলেহে বেহা। প্ৰথমে অন্ন মুঠি, তাৰপাছতহে ভকতি। এনে বহু কথা শুনিবলৈ পোৱা যায়। যান্ত্ৰিকতাৰ যুগত বহুতে সময়মতে খাদ্য গ্ৰহণ নকৰে। যাৰ বাবে বহু ৰোগ-উপসৰ্গই দেখা দিয়ে শৰীৰত। সময়ত আহাৰ খোৱাতো স্বাস্থ্যৰ বাবে অতিকৈ প্ৰয়োজনীয়। নোখোৱাৰ বাবে আপোনাৰ বহু অজুহাত থাকিব পাৰে। কিন্তু সেই অজুহাতে আপোনাৰ দেহটো ৰক্ষা নকৰে। কিয় আপুনি নাখাব সময়ত? যদি সময়ত নোখোৱা বেয়া অভ্যাস আছে, তেন্তে সলনি কৰক এই অভ্যাস।

৬. জীৱন প্ৰথমঃ

বাটে-পথে আপুনি ছাগৈ এই শ্ল'গান দেখিছে। জানেনে বিশ্বত কিমান মানুহৰ প্ৰতিদিনেই মৃত্যু হয় দুৰ্ঘটনাত। কোনেও বাধা দিব নোৱাৰে দুৰ্ঘটনাক। কিন্তু দুৰ্ঘটনাত প্ৰতিৰোধ কৰিব পাৰি। সচেতন হ'ব পাৰে আপুনি। যান-বাহন চলাওঁতে আপুনি সদায় মানি চলক যান-বাহন আইন। গাড়ীৰ আসনত বহাৰ আগতে মাৰি লওঁক ছীট বেল্ট বা বাইকত বহাৰ পূৰ্বে পিন্ধি লওঁক হেলমেট। সুৰাপান কৰি যান-বাহন নচলাব। অত্যাধিক বেগত গাড়ী চলাই পাষবিক আনন্দ লাভ নকৰিব। বাহন চলাই থকা সময়ত ব্যৱহাৰ নকৰিব ফোন। যদি এই বেয়া অভ্যাসবোৰ আছে তেন্তে নতুন বছৰত ত্যাগ কৰক। সংযমতা ৰক্ষা কৰক নিজৰ। কাৰণ জীৱন প্ৰথম, তাৰপাছতহে বাকীবোৰ।

৭. এলাহঃ

উহ, বৰ ভাগৰ! নোৱাৰিছো আৰু…। অলস হৈ গা এৰি দিয়ে চকীখনত। কামৰ আচলতে পৰিসমাপ্তি নহয়। এটা কাম এৰি আন এটা কাম ধৰাতোৱেই জিৰণি। এলাহৰ বাবেই পৰি ৰয় বহু কাম। এলাহ মানুহৰ ডাঙৰ বদ-অভ্যাস। এলেহুৱা লোকে কোনো কাম কৰিব নোৱাৰে। এলাহৰ বাবেই বহুতে উঠো বুলি বিচনাৰ পৰা উঠিব নোৱাৰে। আহো বুলি সময়মতে অফিচলৈ আহিব নোৱাৰে। ইয়াৰ বাবে দেখুৱাই না না অজুহাত। কিন্তু এই এলাহে আপোনাক, আপোনাৰ কেৰিয়াৰ, আপোনাৰ সপোন, আপোনাৰ বিশ্বাস চুৰমাৰ কৰিব দিব পাৰে। তেন্তে কিয় এই বেয়া অভ্যাস আপুনি লগত লৈ ফুৰে। ২০১৯ৰ পৰাই বাদ দিয়ক এই কু-অভ্যাস।

৮. খংঃ

আপোনাৰ কঁপালখন কোচ খাই থাকে। কথা ক'লেই আপোনাৰ খং উঠে। আপোনাৰ এই খঙে আপোনাৰ দেহত প্ৰভাৱ পেলায়। খং এক ৰোগৰ লক্ষণ। খঙৰ বাবে সোণৰ সংসাৰ চাৰখাৰ হয়। খঙৰ বাবেই আপুনি নিঃসংগ হ'ব পাৰে। খঙৰ ভমকত কাৰোবাক যদি কিবা কয় দিয়ে, সেয়া আপোনাক যিকোনো সময়ত যিকোনো লোকে বেয়া পাব পাৰে। বহুতে কয়- 'খং পুৰুষত্বৰ চিন।' পিছে এতিয়া সেই দিন নাই। খং, দাবী-ধমকিৰে আপুনি কাকো বশ কৰিব নোৱাৰে। জীৱনৰ এইটোও এটা বদ-অভ্যাস। খং যদি আপোনাৰ বেছি আছে, তেন্তে আপুনি খং উঠিলে কিছু সময় মৌন হয় হাঁহি উঠা কিবা এটা ঘটনা বা কথা ভাবক। নিয়ন্ত্ৰণ হ'ব আপোনাৰ খং। হাঁহিয়ে দীৰ্ঘ জীৱন দিয়ে। খঙে জীৱন কাঢ়ি নিয়ে। তেন্তে খঙক কিয় আপুনি জীৱনৰ সংগী কৰি ৰাখিব। নতুন বছৰত ত্যাগ কৰক এই বদ-অভ্যাস।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in