২০১৮ বৰ্ষত ভাৰতবৰ্ষৰ সবাতোকৈ অধিক টকা দান কৰা লোকজন…
ডিজিটেল ডেস্কঃ বিগত ২০১৮ বৰ্ষত ভাৰতবৰ্ষৰ সবাতোকৈ অধিক টকা দান কৰা ব্যক্তিজন কোন হ’ব পাৰে! শেহতীয়াকৈ বাৰ্কলেজ হুৰুন ইণ্ডিয়া ৰিচ্চ লিষ্ট ২০১৮ অনুসৰি ভাৰতৰ আটাইতকৈ দানবীৰ ব্যক্তি হিচাপে পৰিগণিত হৈছে ভাৰতবৰ্ষৰ সবাতোকৈ ধনী ব্যক্তি তথা ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ মুৰব্বী মুকেশ আম্বানী। এই তালিকাত ক্ৰমাগতভাৱে সপ্তম বৰ্ষৰ বাবে দেশৰ আটাইতকৈ ধনী ব্যক্তি হিচাপে পৰিগণিত হয়।

২০১৮ৰ ৩১ জুলাইৰ পৰ্যন্ত আম্বানীৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে ৩, ৭১, ০০০ কোটি টকা। এই তালিকা অনুসৰিয়ে ২০১৮ বৰ্ষত আম্বানীয়ে মুঠ ৪৩৭ কোটি টকা দানেৰে ভাৰতৰ সবাতোকৈ দানী ব্যক্তি হিচাপে পৰিগণিত হৈছে। ২০০ কোটি টকা দানেৰে এই স্থানত দ্বিতীয় স্থানত আছে পিৰামল গ্ৰুপৰ মুৰব্বী অজয় পিৰামল।

আনহাতে এই তালিকাত একমাত্ৰ মহিলা হিচাপে স্থান পাইছে মঞ্জু ডি গুপ্তা আৰু তেওৰ পৰিয়াল।

উল্লেখ্য যে, ২০১৭ চনৰ ১ অক্টোবৰৰ পৰা ২০১৮ চনৰ ৩০ চেপ্টেম্বৰ পৰ্যন্ত কমেও ১০০ কোটি টকা দান হিচাপে আগবঢ়োৱা ব্যক্তিসকলক এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে।