বিদায় বৰ্ষত ভাৰতীয় ক্ৰিকেটৰ ১২টা খবৰ…

বিদায় বৰ্ষত ভাৰতীয় ক্ৰিকেটৰ ১২টা খবৰ…

চাওতে চাওতে এটা বছৰে বিদায় মাগিলে। পুৰণি বৰ্ষটোক বিদায় দি নতুনক আদৰাৰ সময় এতিয়া সমাগত। পোৱা নোপোৱাৰ দোমোজাত পাৰ হৈ গ'ল এটা বছৰ। কি ৰাজনীতি, কি সমাজ-সাহিত্য, কি ধৰ্মীয় অথবা কি সংস্কৃতি… সকলো দিশতেই উত্থান-পতনৰ মাজেৰে পাৰ হৈ গ'ল ২০১৮। তেনে উত্থান পতনৰ মাজেৰে বিগত বৰ্ষটোত ভাৰতীয় ক্ৰিকেটৰ ইতিহাসত সোণালী আখৰেৰে লিপিবদ্ধ হোৱা কেতবোৰ চিৰস্মৰণীয় স্মৃতিয়ে 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কৰ এই বিশেষ প্ৰতিবেদন 'ভাৰতীয় ক্ৰিকেটৰ ১২টা খবৰ'

১. ৫০০ আন্তঃৰ্জাতিক ক্ৰিকেট মেচত মহেন্দ্ৰ সিং ধোনীঃ

৫০০ খন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট মেচত অংশ গ্ৰহণ কৰি ২০১৮ চনত তৃতীয়গৰাকী খেলুৱৈ হিচাপে কৃতিত্ব অৰ্জন কৰে ভাৰতৰ প্ৰাক্তন অধিনায়ক তথা উইকেট কীপাৰ মহেন্দ্ৰ সিং ধোনীয়ে। ইংলেণ্ডৰ বিপক্ষে অনুষ্ঠিত হোৱা টি-২০ মেচখনত অংশ লৈ এই গৌৰৱ কঢ়িয়াই আনিলে এম এছ ধোনীয়ে। ৯০ খন টেষ্টত অংশ লোৱা ধোনীয়ে এতিয়ালৈকে ৩৩২ খন এদিনীয়া আৰু ৯৩ খন টি-২০ মেচত অংশ গ্ৰহণ কৰিছে।

২. টি-২০ত ২০০০ ৰানেৰে মিতালী ৰাজঃ

টি-২০ মেচত ২০০০ ৰান সংগ্ৰহ কৰি প্ৰথম মহিলা ক্ৰিকেটাৰ হিচাপে অভিলেখ গঢ়িলে মিতালী ৰাজে। ২০১৮ চনত পাকিস্তানৰ বিৰুদ্ধে অৱৰ্তীৰ্ণ হোৱা এখন মেচত ৫৬ ৰানেৰে টি-২০ আন্তৰ্জাতিক ক্ৰিকেটত সৰ্বমুঠ ২২৩২ ৰান সংগ্ৰহ কৰি অভিলেখ ৰচনা কৰা মিতালী ৰাজ ভাৰতৰ মহিলা ক্ৰিকেটৰ ছুপাৰষ্টাৰ খেলুৱৈ।

৩. আই চি চি হল অৱ ফেমত ৰাহুল দ্ৰাবিড়ঃ

২০১৮ চনত আই চি চি হল অৱ ফেমত অন্তৰ্ভুক্ত হ'ল ভাৰতীয় ক্ৰিকেটৰ প্ৰাক্তন অধিনায়ক ৰাহুল দ্ৰাবিড়ৰ নাম। তিৰুৱান্তপুৰমত ভাৰত-ৱেষ্টইণ্ডিজৰ অন্তিম এদিনীয়া আন্তৰ্জাতিক খেলৰ পূৰ্বে আনুষ্ঠানিকভাৱে ৰাহুল দ্ৰাৱিড়ক আই চি চি হল অৱ ফেমৰ অন্তৰ্ভুক্ত কৰা বুলি ঘোষণা কৰে। উল্লেখ্য যে, আই চি চি হল অৱ ফেমত অন্তৰ্ভুক্ত হোৱা ৰাহুল দ্ৰাৱিড় পঞ্চম গৰাকী ভাৰতীয় খেলুৱৈ। ১৬৪ খন টেষ্টত ১৩২৮৮ ৰান কৰা প্ৰাক্তন অধিনায়কজনে ৩৪০ খন এদিনীয়াত ১২টা শতকেৰে ১০,৮৯৯ ৰান সংগ্ৰহ কৰিছিল।

৪. আন্তৰাষ্ট্ৰীয় ক্ৰিকেটত খলিল আহমেদঃ

২০১৮ বৰ্ষত আন্তৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটে খলিল আহমেদৰ। ২১ বছৰীয়া এই বাওহতীয়া পেচ বলাৰ গৰাকীয়ে এইটো বৰ্ষতে ৬খন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ১১ টা উইকেট দখল কৰিবলৈ সক্ষম হৈছিল।

৫. ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত চেন্নাই চুপাৰ কিংছঃ

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত ২০১৮ বৰ্ষত তৃতীয়বাৰৰ বাবে বিজয় ধ্বজা উৰুৱাবলৈ সক্ষম হয় চেন্নাই ছুপাৰ কিংছে। দলটোৰ নেতৃত্ব বহন কৰিছিল মহেন্দ্ৰ সিং ধোনীয়ে। উল্লেখ্য যে, আই পি এলৰ পৰা দুবছৰ নিলম্বিত হৈ থকাৰ পিছত ২০১৮ বৰ্ষত পুনৰ উভতি আহিয়েই এই বিজয় সাব্যস্ত কৰে দলটোৱে।

৬. বিৰাট কোহলীলৈ ৰাজীৱ গান্ধী খেল ৰত্ন বঁটাঃ

খেল পথাৰত দেখুওৱা দুৰ্দান্ত প্ৰদৰ্শনৰ বাবে ২০১৮ চনৰ ছেপ্টেম্বৰ মাহত ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক তথা তাৰকা খেলুৱৈ বিৰাট ক'হলীলৈ আগবঢ়োৱা হয় ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা। ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে আনুষ্ঠানিকভাৱে প্ৰদান কৰিছিল এই বঁটা। তদুপৰি ২০৫ টা আন্তঃৰাষ্ট্ৰীয় এদিনীয়া ইনিংছত ১০,০০০ ৰান সম্পূৰ্ণ কৰা বিশ্বৰ দ্ৰুততম এদিনীয়া বেটছমেন হিচাপে পৰিগণিত হয় ক'হলী।

৭. বিশ্ব ক্ৰিকেটৰ পৰা বিদায় গৌতম গম্ভীৰৰঃ

বিশ্ব ক্ৰিকেটৰ পৰা আনুষ্ঠানিকভাৱে বিদায় ল'লে ভাৰতীয় ক্ৰিকেট দলৰ অ'পেনাৰ বেটছমেন গৌতম গম্ভীৰে। চলিত বৰ্ষৰ ৬ ডিচেম্বৰত দিল্লীৰ ফিৰোজ শ্বাহ কুটলা ষ্টেডিয়ামত হোৱা এখন ৰঞ্জীত ট্ৰফীত শেষবাৰৰ বাবে দেখা পোৱা গ'ল তাৰকা খেলুৱৈজনক। এই খেলৰ পিছতেই আনুষ্ঠানিকভাৱে ক্ৰিকেটৰ পৰা বিদায় লোৱাৰ কথা ঘোষণা কৰে তেওঁ। ২০০৩ চনত বাংলাদেশৰ বিৰুদ্ধে হোৱা এখন খেলৰ মাজেৰে ভাৰতীয় ক্ৰিকেট দলত অভিষেক ঘটিছিল গৌতম গম্ভীৰৰ। ক্ৰিকেটৰ কেৰিয়াৰত তেওঁ ৫৮ খন টেষ্ট মেচত ৯ টা শতকেৰে ৪১৫৬ ৰান, ১৪৭ খন এদিনীয়াত ১১ টা শতকেৰে ৫২৩৮ ৰান আৰু ৩৭ খন টি-২০ত ৭ টা অৰ্ধশতকেৰে ৯৩২ ৰান সংগ্ৰহ কৰিছিল।

৮. আন্তৰাষ্ট্ৰীয় ক্ৰিকেটক চিৰবিদায় মুনাফ পেটেলৰঃ

২০১৮ বৰ্ষত ১৫ বছৰীয়া ক্ৰিকেটৰ কেৰিয়াৰ সামৰি খেল পথাৰৰ পৰা বিদায় ল'লে বেগী বলাৰ মুনাফ পেটেলে। ২০০৩ চনত ক্ৰিকেটৰ কেৰিয়াৰ আৰম্ভ কৰা ভাৰতীয় বলাৰজনে ১৩ খন টেষ্ট, ৭০ খন এদিনীয়া আৰু ৩ খন টি-২০ খেলত ভাগ লৈছিল। সকলো শ্ৰেণীৰ ক্ৰিকেটৰ পৰা অৱসৰ লোৱা ক্ৰিকেটাৰ জনে ৰাজস্থান ৰয়েলছ, মুম্বাই ইণ্ডিয়ানছ, গুজৰাট লায়নছৰ হৈ আই পি এল খেলিছিল।

৯. বিশ্বৰ দ্বিতীয় সৰ্বাধিক ৰান সংগ্ৰহকাৰী ৰূপত ৰোহিত শৰ্মাঃ

ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট ক'হলীৰ পাছতই ২০১৮ বৰ্ষত বিশ্বত দ্বিতীয় সৰ্বাধিক ৰান সংগ্ৰহকাৰী ৰূপে চিহ্নিত হয় ৰোহিত শৰ্মা। এদিনীয়া ক্ৰিকেটত ৰোহিতে লাভ কৰিছে সৰ্বাধিক ১০৩০ৰান। ১৯৮৭চনৰ ৩০ এপ্ৰিলত মহাৰাষ্ট্ৰৰ নাগপুৰত জন্মগ্ৰহণ কৰা এইজন সোহতীয়া বেটছমেন। ২০০৭চনৰ ২৩ এপ্ৰিলত ক্ৰিকেটৰ মহাৰণত অভিশেষ ঘটা ৰোহিত শৰ্মাই বৰ্তমানলৈকে ২৬খন টেষ্ট মেচ, ১৯৩খন এদিনীয়া আৰু ৯০খন টি-২০ খেলত অংশগ্ৰহণ কৰিছে।

১০. বছৰৰ শেষৰ ফালে অষ্ট্ৰেলিয়াক তুলাধূনা ভাৰতৰঃ

বছৰৰ শেষৰ ফালে মেলবৰ্ণত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা বক্সিং ডে' টেষ্টত ভাৰতে প্ৰথম ইনিংগছতে গঢ়ি তুলিছে এক শক্তিশালী স্ক'ৰ। নতুন অপেনিং যুটিৰে মায়ংক আগৰৱাল আৰু হনুমা বিহাৰীয়ে কৰা দুৰ্দান্ত প্ৰদৰ্শনে ভাৰতক এক সবল স্থিতি প্ৰদান কৰে। এই টেষ্টৰ বিশেষভাৱে আকৰ্ষণীয় দিশটো হ'ল চেটেশ্বৰ পূজাৰাৰ ধৰ্যশীল শতক। এই বক্সিং ডে' টেষ্টত ১০টা বাউণ্ডেৰীৰে সপ্তদশ টেষ্ট শতক সম্পূৰ্ণ কৰে চেটেশ্বৰ পূজাৰায়।

১১. ১৯ অনূৰ্ধ ভাৰতীয় ক্ৰিকেট দলৰ বিশ্বকাপ জয়ঃ

২০১৮চনতে বিশ্বকাপ জয় কৰিবলৈ সক্ষম হয় ১৯ অনূৰ্ধ ভাৰতীয় ক্ৰিকেট দলটোৱে। ২০১৮ৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হৈছিল এই বিশ্বকাপত। বিশ্বকাপৰ চূড়ান্ত খেলত অষ্ট্ৰেলিয়াৰ বিপৰীতে খেলি ভাৰতীয় দলটোৱে ৭ উইকেট হেৰুৱাই এই জয় লাভ কৰিছিল।

১২. জীৱনৰ প্ৰথম টেষ্টতে ৫টা উইকেট কেটচ ৰিশ্বভ পন্টঃ

জীৱনৰ প্ৰথমখন টেষ্টতেই ৫টাকৈ উইকেট কেটছ কৰা চতুৰ্থজন ভাৰতীয় উইকেটকীপাৰ হ'ল ৰিশ্বভ পন্ট। ২০১৮চনৰ আগষ্ট মাহত ইংলেণ্ডৰ বিৰুদ্ধে খেলা এখন টেষ্ট শৃংখলাত দ্বিতীয়দিনা এই অভিলেখ গঢ়ে ৰিশ্বভ পন্টে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in