২০১০ৰ পৰা ২২’ লৈ কমনৱেলথ গেমছত ভাৰত…

২০১০ৰ পৰা ২২’ লৈ কমনৱেলথ গেমছত ভাৰত…

অৱশেষত সমাপ্ত হ'ল কমনৱেলথ গেমছ ২০২২। এইবাৰ কমনৱেলথ গেমছ ২০২২ ৰ পদক জয়ত চতুৰ্থ স্থানত থাকে ভাৰত। ২০১০ চনৰ পৰা ২০২২ চনলৈ এই গেমৰ ভাৰতৰ প্ৰদৰ্শন সন্দৰ্ভত হিমাদ্ৰী ভড়ালীৰ বিশেষ প্ৰতিবেদন…

হেমিলন্টনত ১৯৩০ চনৰ ১৬আগষ্টৰ পৰা ২৩ আগষ্টলৈকে  প্ৰথম কমনৱেলথ গেমছ অনুষ্ঠিত হৈছিল । প্ৰথমে কমনৱেলথ গেমছ নামেৰে নহয়, বৃটিছ এম্পায়াৰ গেমছ হিচাপে আৰম্ভ হৈছিল। মেনভিলি মাৰ্কছ ৰবীনে গঢ় দিয়া এই বৃটিছ এম্পায়াৰ গেমছ বৰ্তমান কমনৱেলথ গেমছ নামেৰে পৰিচিত। প্ৰতি ৪ বছৰৰ মূৰে মূৰে অনুষ্ঠিত হোৱা এই কমনৱেলথ গেমছ ভাৰতত ২০১০ চনত অনুষ্ঠিত হৈছিল। অষ্ট্ৰেলিয়াই হৈছে এই কমনৱেলথ গেমছত সবাটোতকৈ অধিক অংশগ্ৰহণ কৰা দেশ।

২০১০ চনৰ ৩ আগষ্টৰ পৰা ৪ আগষ্টলৈকে ৰাজধানী দিল্লীত অনুষ্ঠিত হয় কমনৱেলথ গেমছ। আৰু সেই ২০১০ চনতেই কমনৱেলথ গেমছত ভাৰতে সৰ্বাধিক পদক অৰ্জন কৰি ইতিহাস ৰচিছিল। কিয়নো ১৯৩০ চনৰ পৰা ২০০৬ চনলৈকে ১০০ পদক লাভ কৰিবলৈ সক্ষম হোৱা নাছিল কোনো এখন দেশে। তেতিয়াৰ ৰাষ্ট্ৰপতি প্ৰতিভা পাটিলে প্ৰতিযোগিতাখনিৰ শুভ উদ্বোধন কৰিছিল।

২০১০ চনত ভাৰতে মুঠ ১০১ টা পদকৰ ভিতৰত ৩৮ টা সোণ, ২৭ টা ৰূপ আৰু ৩৬ টা ব্ৰঞ্জৰ পদক লাভ কৰি পদকৰ তালিকাৰ দ্বিতীয় স্থানত আছিল ভাৰত। সেইবাৰ সৰ্বাধিক পদক শ্বুটিঙত ভাৰতে লাভ কৰিছিল। শ্বুটিঙত সৰ্বমুঠ ১৪ টা সোণ, ১১ টা ৰূপ আৰু ৫ টা ব্ৰঞ্জৰ পদকেৰে মুঠ ৩০ টা পদক লাভ কৰিছিল ভাৰতে।

২০১৪ চনত ভাৰতে লাভ কৰিছিল মুঠ ৬৪ টা পদক। ইয়াৰ ভিতৰত সোণৰ পদকৰ সংখ্যা আছিল ১৫ টা। ২০১৮ত ২৬ টা সোণৰ পদক লাভ কৰিছিল ভাৰতে। সেইবাৰ কমনৱেলথ গেমছত ভাৰতৰ মুঠ পদকৰ সংখ্যা ৬৬ টা আছিল।

৪ এপ্ৰিলৰ পৰা ১৫ এপ্ৰিললৈ অনুষ্ঠিত হোৱা ২০১৮ চনৰ কমনৱেলথ গেমছত ভাৰতে ২৬ টা সোণ, ২০ টা ৰূপ আৰু ২০ টা ব্ৰঞ্জৰ পদকেৰে মুঠ ৬৬ টা পদক লাভ কৰিছিল।

২০২২ চনত ভাৰতে মুঠ ৬১ টা পদক লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰে ২২ টা সোণ, ১৬ টা ৰূপ,২৩ টা ব্ৰঞ্জৰ পদকেৰে কমনৱেলথ গেমছৰ অভিযান সামৰিলে। অসমৰ বাবে এই কমনৱেলথ গেমছ আছিল বিশেষভাৱে উল্লেখযোগ্য। লন বলৰ দলীয় শাখাত নয়নমণি শইকীয়াই সোণৰ পদক দখলেৰে ৰাজ্যলৈ গৌৰৱ কঢ়িয়ালে।

মাত্ৰ ০.০১ ছেকেণ্ডৰ ব্যৱধানৰ বাবে ২০০ মিটাৰ দৌৰত ফাইনেল খেলিব নোৱাৰিলে হিমা দাসে। পদক নিজিকিলেও দেশবাসীৰ হৃদয় জয় কৰিলে হিমাই। ৭ জনকৈ অসমীয়াই এইবাৰ কমনৱেলথ গেমছত অংশ লৈছিল।

লাভলীনা বৰগোঁহায়েও অলপৰ বাবে পদকৰ পৰা বঞ্চিত হ'ল। সামগ্ৰীকভাৱে দেখা যায় যে কমনৱেলথ গেমছত ভাৰতৰ ভাৰোত্তোলন, বক্সিং, কুস্তিত যথেষ্ট ভাল ফলাফল প্ৰদৰ্শন কৰিলে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in