কাশ্মীৰ বিৰোধী টুইটৰ পাছত ২০০ পাকিস্তানী টুইটাৰ একাউণ্ট বন্ধ…

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ বন্ধ কৰা হ'ল পাকিস্তানৰ প্ৰায় ২০০টা টুইটাৰ একাউণ্ট।জম্মু-কাশ্মীৰত সংবিধানৰ ৩৭০ ধাৰা প্ৰত্যাহাৰ কৰাৰ বিষয়টোৰ বিৰোধিতাৰে টুইট কৰাৰ পাছত ভাৰত চৰকাৰে অভিযোগ উত্থাপন কৰিছিল। আৰু এই অভিযোগৰ পাছতেই পাছত মাইক্ৰ'ব্ল'গিং ছাইট টুইটাৰে বন্ধ কৰে পাকিস্তানৰ এই টুইটাৰ একাউণ্ট কেইটা।

ড্ৰ'ন নিউজ অনুসৰি, পাকিস্তান চৰকাৰে টুইটাৰক জনাই যে, যোৱা সপ্তাহত২০০টা টুইটাৰ একাউণ্ট বন্ধ কৰা হৈছে। আৰু এই একাউণ্ট কেইটাৰ পৰা কাশ্মীৰ ঘটনাকটুইটা কৰি থকা হৈছিল।

যোৱা এটা সপ্তাহত পাকিস্তানৰ কেইবাজনো টুইটাৰ ব্যৱহাৰকাৰীয়ে অভিযোগ উত্থাপন কৰিছে যে, কাশ্মীৰ সন্দৰ্ভত টুইট কৰাৰ পাছতেই তেওঁলোকৰ একাউণ্ট বন্ধ কৰি দিয়া হৈছে। আৰু তাৰপাছত পাকিস্তানে টুইটাৰত 'ষ্টপ ছাছপেণ্ড পাকিস্তানীছ' ট্ৰেণ্ড আৰম্ভ হয়।

দেওবাৰে আই এছ পি আৰৰ মেজৰ জেনেৰেল আছিফ গফুৰে কৈছিল যে, চৰকাৰেটুইটাৰ আৰু ফেচবুক কাশ্মীৰ ঘটনাক লৈ পোষ্ট কৰা একাউণ্টসমূহ বন্ধ কৰাৰ অভিযোগউত্থাপন কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in