ত্ৰিপুৰাত আবদ্ধ অসমৰ ২০০ যুৱক ! খাদ্য সংকটত পৰা যুৱকৰ দলটোক উদ্ধাৰৰ বাবে মুখ্যমন্ত্ৰীলৈ আহ্বান…

ত্ৰিপুৰাত আবদ্ধ অসমৰ ২০০ যুৱক ! খাদ্য সংকটত পৰা যুৱকৰ দলটোক উদ্ধাৰৰ বাবে মুখ্যমন্ত্ৰীলৈ আহ্বান…

ডিজিটেল সংবাদ মাৰ্ঘেৰিটাঃ প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ মাজু পুত্ৰ কংগ্ৰেছী নেতা অশোক শইকীয়াই অ' এন জি চিৰ অধীনত কাম কৰিবলৈ অসমৰ কেইবাখনো জিলাৰ পৰা প্ৰায় দুই শতাধিক যুৱকক ত্ৰিপুৰাৰ পানীসাগৰ নামৰ ঠাইলৈ লৈ গৈ কাম চলি থকাৰ অৱস্থাতে তাতেই এৰি আহে ৷ এই শ্ৰমিকসকলক প্ৰায় দুমাহে দৰমহাৰ লগতে খাদ্য সামগ্ৰী যোগান নধৰাত তেওঁলোক এতিয়া খাদ্য সংকটতত পৰিছে।

আজি প্ৰায় দুটা মাহ ধৰি এই শ্ৰমিকসকলৰ সৈতে অশোক শইকীয়াই কোনো যোগাযোগ নৰখাত বিপদত পৰি তেওঁলোকে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সংবাদ মাধ্যমৰ জৰিয়তে উদ্ধাৰৰ বাবে কাবৌ কাকূতি কৰিছে৷ ইয়াৰ উপৰিও ঠিকাদাৰৰূপী অশোক শইকীয়াকো বিকল্প পথ নোলোৱাৰ আগতে তেওঁলোকৰ লগত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে ৷

অন্যথা অশোক শইকীয়াই জগৰীয়া হ'ব বুলি সকিয়াই দিছে ৷ উল্লেখ্যে যে তিনিচুকীয়া, নাহৰকটীয়া, ডিব্ৰুগড়, শিৱসাগৰ, ডিগবৈ, যোৰহাট আদি বিভিন্ন প্ৰান্তৰ ২০০ অধিক যুৱক আছে এই দলটোত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in