কোৰোনাক লৈ আমেৰিকাৰ ওপৰত গোচৰ তৰিলে পাকিস্তানে…

কোৰোনাক লৈ আমেৰিকাৰ ওপৰত গোচৰ তৰিলে পাকিস্তানে…

ডিজিটেল ডেস্কঃ বিশ্বৰ ভিতৰতে কোৰোনাই সৰ্বাধিক ক্ষতিগ্ৰস্ত কৰা দেশখন হৈছে আমেৰিকা। দেশখনত ৩০লাখৰো অধিক লোক কোৰোনাত আক্ৰান্ত হৈছে। কোৰোনাই জুৰুলা কৰা দেশখনৰ ওপৰত শেহতীয়াকৈ পাকিস্তানৰ এগৰাকী যুৱকে তৰিলে ২০ আৰব ডলাৰৰ গোচৰ।

পাকিস্তানৰ কাকত ডন'ত উল্লেখ কৰা অনুসৰি, বিশ্ব তথা পাকিস্তানত কোৰোনাৰ সংক্ৰমণৰ বাবে আমেৰিকাক জগৰীয়া কৰি যুৱকজনে এই গোটৰটো ৰুজু কৰিছে। লাহোৰৰ এখন আদালতে ইতিমধ্যে এই গোচৰৰ ভিত্তিতে আমেৰিকা দূতাৱাস আৰু বিদেশ মন্ত্ৰণালয়লৈ প্ৰেৰণ কৰিছে নটিছ।

প্ৰাপ্ত খবৰ অনুসৰি, গোচৰ ৰুজু কৰা যুৱকজনৰ নাম ৰাজা আলী। তেওঁৰ ঘৰ লাহোৰত। যুৱকগৰাকীয়ে ৰুজু কৰা গোচৰত কোৱা হৈছে যে, আমেৰিকাৰ পৰা সংক্ৰমিত হোৱা কোৰোনাত তেওঁৰ পৰিয়ালৰ লোক আক্ৰান্ত হৈছে। তেওঁলোকে এতিয়া পূৰ্বৰ দৰে নিৰোগী হৈ থাকিব নোৱাৰে। গতিকে এই কাৰ্যৰ ক্ষতিপূৰণ আমেৰিকাই দিব লাগিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in