গৃহাভিমুখী প্ৰসুতিয়ে শ্ৰমিক ৰে’লেতেই জন্ম দিলে ২০টাকৈ সন্তানৰ…

গৃহাভিমুখী প্ৰসুতিয়ে শ্ৰমিক ৰে’লেতেই জন্ম দিলে ২০টাকৈ সন্তানৰ…

ডিজিটেল ডেস্কঃ ১ মে'ৰ পৰা বিশেষ ৰেলযোগে দেশৰ বিভিন্ন প্ৰান্তত আৱদ্ধ হৈ থকা লোকসকলক গৃহৰাজ্যলৈ ঘূৰি যোৱাৰ সুবিধা কৰা দিয়া হৈছে। এই সময়চোৱাত শ্ৰমিক বিশেষ ৰে'লত জন্ম হৈছে ২০টাকৈ নৱজাতক। ৰে'লৱে কৰ্তৃপক্ষই সদৰী কৰিছে এই তথ্য।

আৰপিএফৰ সঞ্চালক প্রধান অৰুণ কুমাৰে টুইটাৰযোগে জনাইছে এই কথা। মন কৰিব লগা যে, সকলো মাতৃ আৰু শিশু সুৰক্ষিত অৱস্থাত গন্তব্য স্থানত গৈ পাইছেগৈ। আৰপিএফৰ জোৱান-বিষয়া তথা চিকিৎসকৰ দৰে তেওঁলোকক আগবঢ়াইছিল সহায়।

উক্ত সময়চোৱাত দেশৰ বিভিন্ন প্ৰান্তলৈ ২৩১৭খন বিশেষ শ্ৰমিক ৰে'ল চলাচল কৰিছিল। এই ৰেলসমূহত ৩১ লাখৰো অধিক শ্ৰমিক গৃহ মুখী হোৱা বুলিও জানিবলৈ দিয়ে আৰপিএফৰ বিষয়াগৰাকীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in