শেহতীয়া খবৰ
বোকাজানত কৰ্তব্যৰত আৰক্ষীক প্ৰহাৰৰ অভিযোগ! স্বামীৰ সৈতে আটক পত্নীক...VIDEO • ভাল খবৰঃ অসমত ওলাইছে সহস্ৰাধিক চাকৰি, পঢ়ক কোন বিভাগত... • কোভিড-১৯ঃ ভাৰতত দেওবাৰে আক্ৰান্ত সৰ্বাধিক লোক, ৭১১১জনৰ দেহত ধৰা পৰিল কোৰোনা... • কৰৈয়নীত অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ... • পুনৰ ১৪জনৰ দেহত কোভিড-১৯, ৰাজ্যত ৩৯২জনলৈ বৃ্দ্ধি কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা... • ছাত্ৰ-ছাত্ৰীৰ বাবে কোৰোনাত আক্ৰান্ত শিক্ষকৰ চিন্তা, কোৱাৰেন্টাইন চেন্টাৰৰ পৰাই অনলাইনযোগে দিছে শিক্ষা... • হ’ব লাগে ফাঁচী! যাব নোৱাৰিব সনাতন ডেকাৰ হত্যাকাৰী বাচি... • গৃহাভিমুখী প্ৰসুতিয়ে শ্ৰমিক ৰে'লেতেই জন্ম দিলে ২০টাকৈ সন্তানৰ... • হোণ্ডাইৰ প্লেন্টত ৩ কৰ্মচাৰী কোৰোনাত আক্ৰান্ত... • অৰুণাচলত আন এজন লোকৰ দেহত কোভিড-১৯...

লকডাউন ভংগ, চিকিৎসা কৰ্মীক আক্ৰমণ কৰা সকলৰ হ’ব ২বছৰ পৰ্যন্ত জে’ল…

1,595

ডিজিটেল ডেস্কঃ যিসকলে লকডাউন অমান্য কৰিছে আৰু চিকিৎসকক বা চিকিৎসা কৰ্মীক আক্ৰমণৰ লক্ষ্য কৰি লৈছে তেওঁলোকক কাৰাগাৰলৈ প্ৰেৰণ কৰিব লাগিব। এই কঠোৰ নিৰ্দেশ দিলে কেন্দ্ৰীয় চৰকাৰে। সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত কেন্দ্ৰীয় কেবিনেট সচিবে দিছে এই কাঢ়া নিৰ্দেশ।

উল্লেখযোগ্য যে, কোৰোনা ভাইৰাছৰ আতংকৰ মাজতেই একাংশ লোকে বিনা কাৰণত লকডাউন অমান্য কৰিছে আৰু কিছু কিছু স্থানত চিকিৎসক তথা চিকিৎসা কৰ্মীক কৰ্তব্যত বাধা দিয়াই নহয় আক্ৰমণৰো লক্ষ্য কৰি লৈছে।

তেনে ব্যক্তিৰ বিৰুদ্ধে এবছৰ বা দুবছৰ কাৰাগাৰলৈ প্ৰেৰণ কৰাৰ দৰে কঠোৰ পদক্ষেপ ল’বলৈ কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰক সকীয়াই দিছে। কেবিনেট সচিব ৰাজীৱ গোব্বাই এই সন্দৰ্ভত ৰাজ্য চৰকাৰৰ মুখ্য সচিবলৈ দিয়া পত্ৰত নিয়ম ভংগকাৰীসকলৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিছে।

ইফালে, এই সময়চোৱাত যদি কোনো লোকে টকাৰ বাবে মিছা তথ্য দিয়ে তেওঁকো কাৰাগাৰলৈ প্ৰেৰণ কৰা হ’ব। উৰা বাতৰি আৰু অন্যান্য আতংকিত হ’ব পৰা খবৰ বিয়পোৱা সকলকো কাৰাগাৰলৈ পঠিওৱা হ’ব। মধ্যপ্ৰদেশৰ ইন্দোৰত স্বাস্থ্য কৰ্মীসকলক শিল দলিয়াই আক্ৰমণ কৰাৰ পাছতেই এই কঠোৰ নিৰ্দেশ প্ৰেৰণ কৰিছে কেন্দ্ৰীয় চৰকাৰে।

উল্লেখ্য যে, অসমতো হোম কোৱাৰেন্টাইনত থকা এজন লোকক খবৰ কৰিবলৈ যাওঁতে হাজোত চিকিৎসা কৰ্মীক প্ৰহাৰ পৰ্যন্ত কৰিছিল। শ্বাহৰুখ খান নামৰ এই যুৱকজনক পিছত আৰক্ষীয়ে গ্ৰেপ্তাৰো কৰে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি