ভাৰতীয় ৰে’লত সুৰক্ষিত নহয় যাত্ৰীঃ লামডিঙত অচেতন অৱস্থাত উদ্ধাৰ দুজন…

ভাৰতীয় ৰে’লত সুৰক্ষিত নহয় যাত্ৰীঃ লামডিঙত অচেতন অৱস্থাত উদ্ধাৰ দুজন…

ডিজিটেল সংবাদ লামডিংঃ ভাৰতীয় ৰে'লত এতিয়া সুৰক্ষিত নহয় ৰে'লযাত্ৰী। এই কথাক প্ৰমাণ কৰিলে লামডিঙত অচেতন অৱস্থাত উদ্ধাৰ হোৱা দুগৰাকী যাত্ৰীৰ ঘটনাই। বৃহস্পতিবাৰে লামডিং ৰে'লৱে ষ্টেচনত ৰে'লৱে কৰ্তৃপক্ষই অচেতন অৱস্থাত উদ্ধাৰ কৰে দুগাৰী ব্যক্তিক। ৰে'লৱে আৰক্ষীয়ে লামডিং ষ্টেচনৰ পৰা উদ্ধাৰ কৰা ব্যক্তি দুগৰাকীৰ এগৰাকী পুৰুষ আৰু আনগৰাকী মহিলা।

১৫৭৬৯ উজনীমুৱা আলিপুৰদুৱাৰ লামডিং ইন্টাৰচিটি ৰেলৰ এটা সাধাৰণ শ্ৰেণীৰ ডবাৰ পৰা ৰে'লৱে আৰক্ষীয়ে অচেতন অৱস্থাত থকা পুৰুষ-মহিলা দুয়োগৰাকীক উদ্ধাৰ কৰে। ইয়াৰ পিছতে লামডিঙ ৰে'লৱে ষ্টেচনত ৰে'লৱে চিকিৎসালয়ৰ চিকিৎসক, জি আৰ পি উপস্থিত হয় ৷

উদ্ধাৰ কৰা দুয়োগৰাকী যাত্ৰীক লামডিং ৰেলৱে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। বৰ্তমানলৈকে দুয়োজনৰে কোনো পৰিচয় উদ্ধাৰ কৰিব পৰা নাই। সন্দেহ কৰা হৈছে, কোনো দুৰ্বৃত্তই নিচা জাতীয় দ্ৰব্য খোওৱাই লুট পাত কৰিছে ব্যক্তি দুগৰাকীক। উদ্ধাৰ কৰা দুয়োগৰাকী ব্যক্তিৰ আনুমানিক বয়স ৫০ বছৰ হ'ব । দুয়োগৰাকীৰে পৰা দুটা কাপোৰৰ বেগ আৰু সৰু বেগ পোৱা গৈছে ৷ আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in