নতুন দিল্লীত ধাৰাবাহিক বিস্ফোৰণৰ ষড়যন্ত্ৰঃ ২ পাকিস্তানী সন্ত্ৰাসবাদীৰ সৈতে ৬ জনক আটক…

নতুন দিল্লীত ধাৰাবাহিক বিস্ফোৰণৰ ষড়যন্ত্ৰঃ ২ পাকিস্তানী সন্ত্ৰাসবাদীৰ সৈতে ৬ জনক আটক…

ডিজিটেল ডেস্কঃ দেশৰ ৰাজধানী নতুন দিল্লীত পাকিস্তানৰ সন্ত্ৰাসবাদীৰ আক্ৰমণৰ এক ষড়যন্ত্ৰ পোহৰলৈ আহিছে। দিল্লী আৰক্ষীৰ বিশেষ গটে পাকিস্তানত প্ৰশিক্ষণ গ্ৰহণ কৰা দুজন সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰাৰ পিচতে এই ষড়যন্ত্ৰৰ বিষয়ে পোহৰলৈ আহে। গ্ৰেপ্তাৰ হোৱা সন্ত্ৰাসবাদী দুটাৰ দখলৰ পৰা বৃহৎ পৰিমাণৰ বিস্ফোৰক আৰু অস্ত্ৰ উদ্ধাৰ কৰা হৈছে।

আৰক্ষীয়ে জনোৱা অনুসৰি, সন্ত্ৰাসবাদী দুটাই সমগ্ৰ দেশতে ধাৰাবাহিক বিস্ফোৰণৰ ষড়যন্ত্ৰ কৰি আছিল। দিল্লী আৰক্ষীৰ বিশেষ কোষৰ ডি চি পি প্ৰমোদ কুশৱাহাই কৈছে যে ইয়াৰ বাবে এটা বহু-ৰাজ্যিক অভিযান চলোৱা হৈছে। দুয়োজন সন্ত্ৰাসবাদীৰ উপৰিও অভিযানৰ সময়ত আৰু ৪ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

এইষড়যন্ত্ৰৰ লগত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত হৈ পৰা মুঠ ৬ জন লোকক এনেদৰে গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁলোকক দিল্লী, উত্তৰ প্ৰদেশ আৰু ৰাজস্থানৰ পৰা আটক কৰা হৈছে। পাকিস্তানত প্ৰশিক্ষণ প্ৰাপ্ত দুজন সন্ত্ৰাসবাদীৰ এজন হৈছে ওছামা আৰু আনজন জিশান।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in