দুৰ্ঘটনাত পতিত নৌ সেনাৰ গ্লাইডাৰ, দুজনে হেৰুৱালে প্ৰাণ…

দুৰ্ঘটনাত পতিত নৌ সেনাৰ গ্লাইডাৰ, দুজনে হেৰুৱালে প্ৰাণ…

ডিজিটেল ডেস্কঃ কেৰালাত নিয়মীয়া প্ৰশিক্ষণৰ মাজতে দুৰ্ঘটনাত পতিত হ'ল নৌ সেনাৰ গ্লাইডাৰ। দেওবাৰে পুৱা সংঘটিত এই দুৰ্ঘটনাত নিহত হয় নৌ সেনাৰ দুজন কৰ্মী। এই গ্লাইডাৰ দুৰ্ঘটনাৰ তদন্তৰ বাবে গঠন কৰি দিয়া হৈছে বৰ্ড অৱ ইনকিউৱাৰী। জানিব পৰা মতে, নৌ সেনাৰ গ্লাইডাৰৰ নিয়মীয়া প্রশিক্ষণৰ সময়চোৱাত আই এন এছ গৰুড়েৰে উৰা মাৰিছিল।

উল্লেখ্য যে, পুৱা প্ৰায় ৭ বজাত থোপ্পুমপাড়ী দলঙৰ সমীপত দুৰ্ঘটনাত পতিত হয় এই গ্লাইডাৰখন। গ্লাইডাৰত আছিল লেফটেনেন্ট ৰাজীৱ ঝা আৰু সুনীল কুমাৰ পৌয়েল। দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছত তেওঁলোকক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসকে তেওঁলোকক মৃত ঘোষণা কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in