শেহতীয়া খবৰ
লামডিঙত ভাৰতীয় জীৱন বীমা নিগমৰ কাৰ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড...  •  ২৫ দিনৰ মূৰতহে হাঁহিছে এইজন পিতৃয়ে!  •  চিকিৎসালয়ত ভৰ্তি জনপ্ৰিয় অভিনেতা ৰজনীকান্ত...  •  চিকিৎসালয়ত ভৰ্তি জনপ্ৰিয় অভিনেতা ৰজনীকান্ত...  •  অসমত আকৌ ৩২২জন কোভিড পজিটিভ, ২ জনে হেৰুৱাইছে প্ৰাণ...  •  ঘৰতে লাভ কৰিব ড্ৰাইভিং লাইচেঞ্চ...  •  ‘শংকৰদেৱ উদ্যান ধ্বংস কাৰ্য’ৰ বিৰুদ্ধে জ্যেষ্ঠ নাগৰিকৰ মানৱ শৃংখল কাৰ্যসূচী...  •  জঘন্য ঘটনা! তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত গৱেষক ছাত্ৰীক যৌন নিৰ্যাতন, গ্ৰেপ্তাৰ অভিযুক্তক...  •  সন্তানসহ বিধায়কৰ হত্যাৰে জড়িত গুলীবৃদ্ধ উগ্ৰপন্থী নেতাক নগাঁৱৰ চিকিৎসালয়ত নিয়াই কৰিব জেৰা...  •  দুখীয়া ৰোগীৰ চিকিৎসাৰ বাবে সোণাৰীৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ চেক বিতৰণ...

মণিপুৰত দ্বিতীয় বিশ্বযুদ্ধৰ বোমা বিস্ফোৰণ হৈ দুজনৰ মৃত্যু…

ডিজিটেল ডেস্কঃ দ্বিতীয় বিশ্ব যুদ্ধৰেই বোমা ২০২১ৰ ছেপ্টেম্বৰত বিস্ফোৰণ হোৱাৰ ফলত মণিপুৰত দুজন লোকে হেৰুৱালে প্ৰাণ। ১৯৩৫ৰ পৰা ১৯৪৫লৈ চলা দ্বিতীয় বিশ্বযুদ্ধৰ বোমা প্ৰায় ৭৫ বছৰ পাছত ২৯ ছেপ্টেম্বৰ, ২০২১ত অৰ্থাৎ বুধবাৰে এই ঘটনা সংঘটিত হয়। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি, এই বিস্ফোৰণ হোৱা বোমাটো দ্বিতীয় বিশ্ব যুদ্ধৰ সময়ৰে।

উল্লেখ্য যে, ৰাজ্যখনৰ লাংখিচৈ গাঁৱত দুজন যুৱকে মাটি খান্দি থকা সময়তে সংঘটিত হয় এই বিস্ফোৰণ য’ত দুয়োৰে মৃত্যু হয়। জানিব পৰা মতে, মৃত্যু হোৱা যুৱকজন ভাতৃ আৰু তেওঁলোকৰ নাম ক্ৰমে লিয়েনখগিন গাংতে আৰু লালছাংমাউন গাংতে। টাইমছ অৱ ইণ্ডিয়াৰ এক বাতৰি অনুসৰি, ২০১৭চনৰ এপ্ৰিলৰ পৰা ২০২০চনৰ নবেম্বৰলৈ মণিপুৰত দ্বিতীয় বিশ্বযুদ্ধৰ প্ৰায় ১২২টা বোমা উদ্ধাৰ হৈছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি