শেহতীয়া খবৰ
দিল্লীৰ হিংসাত্মক ঘটনাত মৃত্যুৰ সংখ্যা ৩৮জনলৈ বৃদ্ধি, তদন্তৰ বাবে গঠন বিশেষ অনুসন্ধানকাৰী দল...  •  অসাৰ হ’ব নেকি উচ্চস্তৰীয় কমিটীৰ পৰামৰ্শ! ক’ত হেৰাল প্ৰতিশ্ৰুতি? অসমত প্ৰযোজ্য নহয় ইনাৰ লাইন পাৰ্মিট...  •  অসাৰ হ’ব নেকি উচ্চস্তৰীয় কমিটীৰ পৰামৰ্শ! ক’ত হেৰাল প্ৰতিশ্ৰুতি? অসমত প্ৰযোজ্য নহয় ইনাৰ লাইন পাৰ্মিট...  •  দেশৰ ৪ শীৰ্ষ কৰ্কট ৰোগৰ প্ৰশিক্ষণ কেন্দ্ৰৰ তালিকাত ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠান, বিলাতলৈ যাব নালাগে এতিয়া অসমতে উপলব্ধ কেবাটাও গুৰুত্বপূৰ্ণ পাঠ্যক্ৰম...  •  দেশৰ ৪ শীৰ্ষ কৰ্কট ৰোগৰ প্ৰশিক্ষণ কেন্দ্ৰৰ তালিকাত ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠান, বিলাতলৈ যাব নালাগে এতিয়া অসমতে উপলব্ধ কেবাটাও গুৰুত্বপূৰ্ণ পাঠ্যক্ৰম...  •  অৰবিন্দ কেজৰিৱালঃ দিল্লীত সংঘটিত হিংসাত্মক ঘটনাত যদি আপৰ নেতা-কৰ্মী জড়িত তেন্তে...  •  সৰুপথাৰত অস্ত্ৰ শস্ত্ৰসহ দুজনক গ্ৰেপ্তাৰ...  •  দিল্লীৰ হিংসা ঘটনাত কোনো আপ নেতা দোষী সাব্যস্ত হ’লে দুগুণ শাস্তি বিহা হ’বঃ মুখ্যমন্ত্ৰী কেজৰিৱাল  •  অব্যাহত আছে উত্তেজনা, উত্তৰ পূব দিল্লীত নিৰাপত্তাৰক্ষীৰ ফ্লেগ মাৰ্চ...  •  মাধৱদেৱ বিশ্ববিদ্যালয়ৰ ছাত্রাবাসত আক্ৰমণৰ ঘটনাঃ নাৰায়ণপুৰ আৰক্ষী থানাৰ সমুখত উত্তাল প্ৰতিবাদ শিক্ষাৰ্থীৰ...VIDEO

২ ভাৰতীয়ৰ দেহত কোৰোনা ভাইৰাছ, চৰকাৰলৈ আহ্বান জনাই ক’লে, ‘আমি ঘৰলৈ উভতি যাব বিচাৰো…’

8,904

ডিজিটেল ডেস্কঃ দুগৰাকী ভাৰতীয় নাগৰিকৰ দেহত ধৰা পৰিছে কোৰোনা ভাইৰাছ। জাপানৰ উপকুলৰ এখন ক্ৰুজ জাহাজৰ দুগৰাকী ভাৰতীয় চালকৰ দেহত কোৰোনা ভাইৰাছৰ উপস্থিতিৰ কথা প্ৰকাশ কৰিছে জাপানস্থিত ভাৰতীয় দূতাবাসে। ফেব্ৰুৱাৰী ৩ তাৰিখে যাত্ৰা আৰম্ভ কৰা জাহাজখনত আছে মুঠ ৩,৭০০ গৰাকী যাত্ৰী। হংকঙত জানুৱাৰী মাহত জাহাজখনৰ পৰা নমা এগৰাকী যাত্ৰীৰ দেহৰ পৰা এই কোৰোনা ভাইৰাছৰ সংক্ৰমণ হোৱা বুলি সন্দেেহ কৰা হৈছে।

১৩৮ গৰাকী ভাৰতীয় লোকক কঢ়িয়াই অনা জাহাজখন যোৱা সপ্তাহত জাপানৰ উপকুলত উপস্থিত হৈছিল আৰু জাহাজখনৰ মুঠ যাত্ৰীৰ ১৭৪ গৰাকীৰে দেহত কোৰোনা ভাইৰাছৰ উপস্থিতিৰ কথা ধৰা পৰিছে। ১৯ ফেব্ৰুৱাৰী পৰ্যন্ত জাহাজখনৰ যাত্ৰীসকলক পৃথককৈ ৰখা হ’ব।

কোৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰা ভাৰতীয় নাৱিককেইগৰাকীয়ে বৰ্তমান সময়ত ভাৰত চৰকাৰৰ পৰা সহায় বিচাৰিছে। জাহাজখনত থকা আন ভাৰতীয় লোকসকলেও সহায় বিচাৰিছে ভাৰত চৰকাৰৰ পৰা। জাহাজখনত থকা সোণালী থাকুৰ নামৰ এগৰাকী ভাৰতীয় বিষয়াই সহায় বিচাৰি ‘আমি ঘৰলৈ উভতি যাব বিচাৰো’ বুলি চৰকাৰক আহ্বান জনাইছে।

বৰ্তমান সময়ত যিসকল লোক জাহাজখনত আছে তেওঁলোকক মাস্ক পিন্ধি থকাৰ বাবে নিৰ্দেশ দিয়া হৈছে। ইয়াৰ লগতে তেওঁলোকৰ শৰীৰৰ উষ্ণতা পৰীক্ষা কৰাৰ বাবে থাৰ্মমিটাৰো প্ৰদান কৰা হৈছে। ২০১৯ বৰ্ষৰ ডিচেম্বৰত চীনৰ হুৱেইত প্ৰথম আৰম্ভ হৈছিল কোৰোনা ভাইৰাছৰ আতংক। বৰ্তমান লৈকে হুৱেইত ৪৪,৬৫৩ গৰাকী লোকৰ দেহত কোৰোনা ভাইৰাছৰ অৱস্থিতি ধৰা পৰাৰ লগতে মৃত্যু মুখত পৰিছে ১,১১৩ গৰাকী লোক।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি